ETV Bharat / sports

FIFA World Cup 2022 : কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বে ৰোণাল্ডো সন্দৰ্ভত প্ৰতিক্ৰিয়া মৰক্কোৰ প্ৰশিক্ষকৰ - Qatar world cup football

পৰ্তুগালৰ তাৰকা খেলুৱৈ তথা অধিনায়ক ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে আজিৰ কোৱাৰ্টাৰ ফাইনেলত খেলিবনে নাই সেয়া অন্তিম মুহূৰ্তত জানিব পৰা যাব । যদি তেওঁ কোৱাৰ্টাৰ ফাইনেলত নেখেলে, তেন্তে বিপক্ষ দলৰ প্ৰশিক্ষক হিচাবে ৱালিদ ৰেগাৰাগু সুখী হ'ব (Morocco Coach Regragui Reaction on Ronaldo) ।

FIFA
FIFA
author img

By

Published : Dec 10, 2022, 1:11 PM IST

স্পৰ্টছ ডেস্ক, ১০ ডিচেম্বৰ : ফিফা বিশ্বকাপৰ অন্তিম ১৬ মেচত তেওঁৰ দলে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ৬-১ গ'লৰ চমৎকাৰ বিজয় অৰ্জন কৰাৰ সময়ত পৰ্তুগালৰ তাৰকা খেলুৱৈ তথা অধিনায়ক ক্ৰিষ্টিয়ানো ৰোণাল্ডো খেলপথাৰত প্ৰৱেশ কৰা নাছিল । শনিবাৰে মৰক্কোৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ৩৭ বছৰীয়া জ্যেষ্ঠ খেলুৱৈগৰাকীক আৰম্ভণি প্লেয়িং ইলেভেনত অন্তৰ্ভুক্ত কৰা হ'বনে নাই সেই সন্দৰ্ভত বিভিন্ন ধৰণৰ চৰ্চা চলি আছে (Morocco vs Portugal Quarter Final Match) ।

কিন্তু যদি পৰ্তুগিজ প্ৰশিক্ষকজনে তেনে সিদ্ধান্ত লয়, তেন্তে মৰক্কোৰ প্ৰশিক্ষক ৱালিদ ৰেগাৰাগুইৱে তেওঁক বেঞ্চত বহি থকা দেখিলে বেছি সুখী হ'ব বুলি জনাইছে । এই সিদ্ধান্তই মৰক্কো দলৰ ওপৰত অতিৰিক্ত চাপ আঁতৰ কৰিব (Morocco Coach Regragui Reaction on Ronaldo) ।

কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বে ৰোণাল্ডো সন্দৰ্ভত প্ৰতিক্ৰিয়া মৰক্কোৰ প্ৰশিক্ষকৰ

উল্লেখ্য, দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ গ্ৰুপৰ অন্তিমখন খেলত পৰ্তুগালৰ প্ৰশিক্ষকক খং কৰাৰ পিছত ফাৰ্ণাণ্ডো চেণ্টোছে ৰোণাল্ডোক আঁতৰাই পঠায় (FIFA world cup 2022 quarters final) । একে সময়তে, ছুইজাৰলেণ্ডৰ বিৰুদ্ধে মানচেষ্টাৰ ইউনাইটেডৰ প্ৰাক্তন ষ্ট্ৰাইকাৰগৰাকীৰ অনুপস্থিতি অনুভৱ কৰা যেন হোৱা নাছিল । কিয়নো গংকালো ৰামোছে তেওঁৰ স্থান লয় আৰু এক উজ্জ্বীৱিত হেট্ৰিক অৰ্জন কৰে । তেওঁৰ লগতে পেপে, ৰাফেল গুয়েৰেইৰো আৰু ৰাফেল লিঅ'য়েও মেচখনত গ'ল কৰি এক সুন্দৰ বিজয় প্ৰদান কৰে (Qatar world cup football) ।

মৰক্কোৰ প্ৰশিক্ষক ৰেগাৰাগুইৱে কয় যে শনিবাৰৰ মেচখনত ৰোণাল্ডোৱে খেলিবনে নাই তাৰ কোনো ধাৰণা নাই । এজন প্ৰশিক্ষক হিচাপে তেওঁ জানে যে তেওঁ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ । কিন্তু বিৰোধী দলৰ প্ৰশিক্ষক হিচাপে তেওঁ সুখী হ'ব, যদিহে ৰোণাল্ডোৱে কোৱাৰ্টাৰ ফাইনেল মেচত নেখেলে ।

মৰক্কোৰ প্ৰশিক্ষক ৰেগাৰাগুইৱে কয় যে আমি পৰ্তুগাল দলৰ ওপৰত গুৰুত্ব নিদিওঁ । তেওঁলোক এটা মহান দল । তেওঁলোকে ইতিহাস ৰচনা কৰি আহিছে । আমাৰ মেচৰ দিনাখন ষ্টেডিয়ামত আমাৰ যথেষ্ট সমৰ্থক থাকিব, যিসকলে আমাক সমৰ্থন কৰা দেখা যাব । ৰেগাৰাগুইৱে লগতে কয় যে তেওঁৰ দলৰ লক্ষ্যও ইতিহাস ৰচনা কৰা । মৰক্কোৱে বিশ্বকাপত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ দিশে আগবাঢ়িছে । সকলো খেলুৱৈয়ে খেলখন উপভোগ কৰি আছে ।

লগতে পঢ়ক :India-Sri Lanka match in Guwahati: ১০ জানুৱাৰীত বৰ্ষাপাৰাত ভাৰত-শ্ৰীলংকাৰ এদিনীয়া ক্ৰিকেট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.