ETV Bharat / sports

Durand Cup Final 2023: 23 বছৰৰ পাচত ডুৰাণ্ড খিতাপ দখল মোহন বাগানৰ

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 7:18 AM IST

2023 বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবলৰ ফাইনেলত মোহন বাগানৰ জয় ৷ 1-0 গ’লত প্ৰতিদ্বন্দ্বী ইষ্ট বেংগলক এফ চিক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিলে মোহন বাগান ছুপাৰ জায়েণ্টে ৷

Durand Cup Final 2023
23 বছৰৰ পাচত চেম্পিয়নৰ খিতাপ দখল মোহন বাগানৰ

নিউজ ডেস্ক, 4 আগষ্ট : দেওবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হোৱা ডুৰাণ্ড কাপ ফুটবলৰ ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্টে প্ৰতিদ্বন্দ্বী ইষ্ট বেংগলক এফ চিক 1-0 গ’লত পৰাস্ত কৰি নিজৰ 17 সংখ্যক ডুৰাণ্ড খিতাপ দখল কৰে ৷ খেলৰ 62 মিনিটত মোহন বাগানৰ অনিৰুদ্ধ থাপাই দ্বিতীয়বাৰ হালধীয়া কাৰ্ড লাভ কৰে আৰু তাৰ পিছতে তেওঁক বাহিৰ কৰা হয় । দহজন খেলুৱৈৰ সৈতে খেলখনৰ এক তৃতীয়াংশতকৈ অধিক সময় খেলাৰ পিছতো যেন বিজয় লিখা আছিল মোহন বাগানৰ নামত৷

শেষত 71 মিনিটত ডিমিট্ৰি পেট্ৰাটছৰ ষ্ট্ৰাইকে এটা সুন্দৰ গ’ল কৰি মোহন বাগানৰ আত্মবিশ্বাস বঢ়াই তোলে ৷ অৱশেষত একমাত্ৰ গ’লেৰে ইষ্ট বেংগল এফ চিক পৰাস্ত কৰি 23 বছৰৰ অন্তত ডুৰাণ্ড খিতাপ দখল কৰে মোহন বাগানে ৷ সৰ্বাধিক 17 বাৰ ডুৰাণ্ড খিতাপ দখল কৰিছে মোহন বাগান দলে ৷

খেলখনত কোন জয়ী হ’ভ সেয়া নিৰ্ণয় কৰা সহজ নাছিল, দুয়োটা দলে খেলপথাৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল । অৱশ্যে জয়ৰ নায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল দিমিট্ৰি পেট্ৰাটছ । খেলখনৰ 71 মিনিটত তেওঁৰ দৰ্শনীয় ষ্ট্ৰাইকে প্ৰমাণ কৰিলে যে, 62 মিনিটত অনিৰুদ্ধ থাপাক ৰঙা কাৰ্ড দি বাহিৰ কৰি দিয়াৰ পিছতো 10 জনীয়া মোহন বাগান দলৰ আত্মবিশ্বাস একেই আছে । ইষ্ট বেংগল এফ চিয়ে সংখ্যাগত সুবিধা থকাৰ পিছতো পৰিস্থিতিক মূলধন হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিলে ।

খেলখনত মোহন বাগানৰ শ্বটটোৰ বিপৰীতে ইষ্ট বেংগল এফ চিয়ে গ’ল কৰিবলৈ 6 টা শ্বট সুযোগ লাভ কৰিছিল । দ্বিতীয়াৰ্ধত ষ্টপেজৰ বাবে বহু সময় যোগ কৰাৰ পিছতো মোহন বাগানে জয় নিশ্চিত কৰে । তেওঁলোকৰ এই প্ৰচেষ্টা প্ৰশংসনীয় আছিল যদিও 2018 চনৰ আই এফ এ শ্বিল্ডৰ পিছত প্ৰথমটো ডাঙৰ খিতাপ দখলত কৰাত তেওঁলোকে যথেষ্ট দীঘলীয়া সময় লয় ।

16 টা খিতাপ দখল কৰি ইষ্ট বেংগল এফ চি ডুৰাণ্ড কাপৰ ইতিহাসত দ্বিতীয় সফল দল হৈয়ে আছে । 2023 চনৰ ডুৰাণ্ড কাপত 28 টা দলে এই আকাংক্ষিত খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল, যিটো পূৰ্বৰ 20 টা দলৰ তুলনাত বৃদ্ধি পাইছে । 3 আগষ্টৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনে এক ৰোমাঞ্চকৰ ফাইনেলত উপনীত হয় ৷ যিয়ে মোহন বাগান আৰু ইষ্ট বেংগল এফ চিৰ মাজত যুগ যুগ ধৰি চলি অহা প্ৰতিদ্বন্দ্বিতাক পুনৰ জগাই তুলিলে ।

ডুৰাণ্ড কাপত মোহন বাগানে শেষবাৰৰ বাবে জয়ৰ সোৱাদ লৈছিল 2000 চনত । তাৰ পিছত তিনিবাৰকৈ ফাইনেলত প্ৰৱেশ কৰিছিল 2004, 2009, আৰু 2019 চনত ৷ কিন্তু প্ৰতিবাৰেই পৰাস্ত হৈছিল । 2004 চনৰ ফাইনেলখন বিশেষভাৱে স্মৰণীয় আছিল ৷ কাৰণ ইষ্ট বেংগল এফ চিৰ হাতত 2-1 গ’লত পৰাস্ত হৈছিল মোহন বাগান । এই বিজয় মোহন বাগান ছুপাৰ জায়েণ্টৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে ৷ ভাৰতীয় ফুটবলৰ অন্যতম শক্তিশালী দল হিচাপে তেওঁলোকৰ মৰ্যাদা পুনৰ দৃঢ় কৰি তুলিছে ।

লগতে পঢ়ক :Hockey5s Asia Cup 2023 : পাকিস্তানক হৰুৱাই পুৰুষ হকী ৫ এছ এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.