ETV Bharat / sports

আমেৰিকাত এমাহৰ প্ৰশিক্ষণৰ বাবে অনুমতি লাভ বজৰংগ পুনিয়াৰ - আমেৰিকা

আমেৰিকাত এমাহৰ প্ৰশিক্ষণৰ বাবে বজৰংগ পুনিয়াক অনুমতি মিছন অলিম্পিক চেলৰ ৷ প্ৰায় 14 লাখ টকা খৰছেৰে আমেৰিকাৰ মিছিগানৰ ক্লিফ কিন ৱেষ্টলিং ক্লাৱত প্ৰশিক্ষণ আৰম্ভ কৰিব পুনিয়াই ৷

মল্লযুঁজাৰু
বজৰংগ পুনিয়া
author img

By

Published : Nov 28, 2020, 5:32 PM IST

স্পৰ্টছ ডেস্ক, 28 নৱেম্বৰ : মল্লযুঁজাৰু বজৰংগ পুনিয়াক আমেৰিকাত এমাহৰ প্ৰশিক্ষণ শিৱিৰত যোগদানৰ অনুমতি প্ৰদান কৰা হৈছে ৷ 26 নৱেম্বৰত 50 সংখ্যক মিছন অলিম্পিক চেলৰ বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷ প্ৰায় 14 লাখ টকা খৰছেৰে আমেৰিকাৰ মিছিগানৰ ক্লিফ কিন ৱেষ্টলিং ক্লাৱত 4 ডিচেম্বৰৰ পৰা 3 জানুৱাৰীলৈ এই শিৱিৰত অংশগ্ৰহণ কৰিব পুনিয়াই ৷

কৰ'ণা ভাইৰাছ লকডাউনৰ পাচত ছাইৰ চোনেপাট কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা বজৰংগ পুনিয়াই আমেৰিকালৈ প্ৰশিক্ষক এমজেৰিয়ছ বিন্টিনিডিছ আৰু ফিজিঅ' ধনঞ্জয়ৰ সৈতে উৰা মাৰিব ৷ প্ৰশিক্ষণ শিৱিৰত তেওঁ শীৰ্ষ আন্তৰাষ্ট্ৰীয় মল্লযুঁজাৰু সকলৰ সৈতে দুবাৰৰ অলিম্পিক চেম্পিয়ন ছাৰ্জেই বেলোগলাজোভৰ পৰা প্ৰশিক্ষণ লাভ কৰিব ৷

উল্লেখ্য যে, 2019 বিশ্ব চেম্পিয়নশ্বিপতছত স্থান লাভেৰে টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে বজৰংগ পুনিয়াই ৷

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সকলো ফৰমেটত পৰাস্ত হ'ব ভাৰত: ভগান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.