ETV Bharat / sports

Qatar World Cup final 2022 : বিশ্বকাপৰ ফাইনেলত মেছিৰ আৰ্জেণ্টিনা

author img

By

Published : Dec 14, 2022, 10:31 AM IST

তৃতীয়টো বিশ্বকাপ খিতাপ অৰ্জনৰ আশাত বন্দী আৰ্জেণ্টিনা । ষষ্ঠবাৰলৈ বিশ্বকাপৰ ফাইনেলত দলটো (Argentina in FIFA world Cup final)। মঙলবাৰে ক্ৰোৱেছিয়াক ৩-০ গ'লত পৰাস্ত কৰি কাটাৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে মেছিৰ দলটোৱে ।

Qatar World Cup final 2022
বিশ্বকাপৰ ফাইনেলত মেছিৰ আৰ্জেণ্টিনা

স্পৰ্টছ ডেস্ক,১৪ ডিচেম্বৰ : কাটাৰ বিশ্বকাপ ফুটবলৰ ফাইনেলত প্ৰৱেশ কৰিলে লিঅ'নেল মেছিৰ দল আৰ্জেণ্টিনাই (Argentina enters final at FIFA world cup)। মঙলবাৰে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে ৩-০ গ'লত জয়লাভ কৰি খিতাপ অৰ্জনৰ অন্তিম দৌৰত অৱতীৰ্ণ হয় আৰ্জেণ্টিনা (Argentina beat Croatia in semifinal)। ইফালে লিঅ'নেল মেছিৰ সাহসত তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ খিতাপ অৰ্জনৰ আশাত বন্দী দলটো ।

মঙলবাৰে অনুষ্ঠিত হোৱা কাটাৰ বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলত আৰ্জেণ্টিনাৰ হৈ মেছিয়ে এটা পেনাল্টি আৰু জুলিয়ান আলভাৰেজে ২ টাকৈ গ'ল কৰে । যাৰ ফলত ক্ৰোৱেছিয়া দলটোক ৩-০ গ'লত পৰাস্ত কৰিবলৈ সক্ষম হয় আৰ্জেণ্টিনা । অৱশ্যে ফাইনেলত আৰ্জেণ্টিনা কোনটো দলৰ মুখামুখি হ'ব সেয়া দ্বিতীয় ছেমিফাইনেলৰ ফলাফলেহে ক'ব ! বুধবাৰে ফ্ৰান্স আৰু মৰক্কো দ্বিতীয়খন ছেমিফাইনেলত অৱতীৰ্ণ হ'ব (France vs Morocco semifinal)।

উল্লেখ্য যে এইখন মেছিৰ দ্বিতীয় বিশ্বকাপ ফাইনেল হ'ব । সম্ভৱত এইখনেই তেওঁৰ অন্তিম বিশ্বকাপ হ'ব । ইফালে আৰ্জেণ্টিনাই ২০১৪ চনত ফাইনেলত জাৰ্মানীৰ হাতত পৰাস্ত হৈছিল । সেই দুখ আজিও আছে দলটোৰ বাবে । সেয়েহে এইবাৰ আৰ্জেণ্টিনাই কোনো কাৰণতে বিশ্বকাপৰ ট্ৰফী আন দলক দিব বিচৰা নাই ।

ইফালে ৩৫ বছৰ বয়সতো মেছিয়ে অনুৰাগীক আমোদ দিবলৈ এৰা নাই । তেওঁৰ ভৰিৰ যাদুত আপ্লুত ফুটবলপ্ৰেমী । ক্ৰোৱেছিয়াৰ বিৰুদ্ধে তেওঁ যিধৰণে দুৰ্দান্ত প্ৰদৰ্শন কৰিছে লাখ লাখ অনুৰাগী পুনৰ তেওঁৰ প্ৰেমত পৰিছে । আনকি খেলখনৰ তৃতীয়টো গ'ল দৰ্শনীয় আছিল ।

তেওঁ যিধৰণে বিপক্ষৰ ডিফেণ্ডাৰক চকুত ধুলি দি আলভাৰেজক বলটো দিছিল আৰু আলভাৰেজেও তেওঁৰ পাছটো গ'লত ৰূপান্তৰিত কৰিছিল । সেয়া মেছিৰ আত্মবিশ্বাসৰ আন এক উদাহৰণ আছিল । ইতিমধ্যে কাটাৰ বিশ্বকাপত ৬ খন খেলৰ ভিতৰত ৫ খনতে মেছিয়ে গ'ল কৰিবলৈ সক্ষম হৈছে । আনকি মঙলবাৰৰ খেলখনত মেছিৰ এটা পেনাল্টিয়ে লুচাইল ষ্টেডিয়ামত কিছু সময়ৰ বাবে আলোড়নৰ সৃষ্টি কৰিছিল ।

ইফালে নকআউট পৰ্যায়ত জাপান আৰু ব্ৰাজিলক পেনাল্টিত পৰাস্ত কৰা ক্ৰোৱেছিয়াৰ বাবে মঙলবাৰৰ খেলখন অতি প্ৰত্যাহ্বান স্বৰূপ আছিল (Croatia lost FIFA world cup semi final)। ইয়াৰ বিপৰীতে আৰ্জেণ্টিনাই বিশ্বকাপৰ ছেমিফাইনেলত কেতিয়াও পৰাজিত নোহোৱাৰ অভিলেখ বজাই ৰাখে আৰু ষষ্ঠবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে । ফাইনেলত প্ৰৱেশ কৰা আৰ্জেণ্টিনাই গ্ৰুপ মেচত চৌদি আৰৱৰ হাতত পৰাস্ত হোৱাটো এতিয়া বহুতৰে বাবে ৰোমাঞ্চৰ কথা যেনে লাগিছে ।

লগতে পঢ়ক :Argentina vs Croatia 2022: চেমি ফাইনেললৈ উৎকণ্ঠাৰে অপেক্ষাৰত বিশ্ববাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.