ETV Bharat / sports

‘পদ্ম পুৰস্কাৰ’ৰ বাবে মনোনীত 9 গৰাকী মহিলা খেলুৱৈ

প্ৰথমবাৰৰ বাবে পদ্মবিভূষণ পুৰস্কাৰৰ বাবে মনোনীত মহিলা এথলিট ৷ ভাৰতীয় খেল মন্ত্ৰণালয়ৰ দ্বাৰা পদ্ম পুৰস্কাৰৰ বাবে 9 গৰাকী মহিলা সহ মুঠ 11 গৰাকী খেলুৱৈৰ নাম মনোনীত ৷

author img

By

Published : Sep 12, 2019, 9:29 PM IST

‘পদ্ম পুৰস্কাৰ’ৰ বাবে মনোনীত 9 গৰাকী মহিলা খেলুৱৈ

স্পৰ্টছ ডেস্ক, 12 ছেপ্তেম্বৰঃ বৃহস্পতিবাৰে মনোনীত কৰা হ’ল পদ্ম পুৰস্কাৰৰ বাবে 9 গৰাকীকৈ মহিলা খেলুৱৈৰ নাম ৷ পোন প্ৰথমবাৰৰ পদ্মবিভূষণ পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে মহিলা এথলিট ৷ পদ্ম বিভূষণৰ বাবে মনোনীত হোৱা প্ৰথমগৰাকী মহিলা এথলীট হৈছে ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কম ৷ পদ্ম বিভূষণ হৈছে ভাৰত ৰত্নৰ পিচত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ নাগৰিক সন্মান ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে 2013পদ্মভূষণ আৰু 2006 চনত পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল মেৰী কমে ৷

পদ্মবিভূষণ পুৰস্কাৰৰ বাবে মনোনীত মেৰী কম

আনহাতে ভাৰতৰ তৃতীয় সৰ্বোচ্চ নাগৰিক সন্মান পদ্মভূষণৰ বাবে মনোনীত কৰা হৈছে শ্বাটলাৰ পি.ভি সিন্ধুৰ নাম ৷ 2017 চনতো পদ্মভূষণৰ বাবে মনোনীত কৰা হৈছিল সিন্ধু নাম ৷ কিন্তু অন্তিম তালিকাত অন্তৰ্ভুক্ত হোৱাত বিফল হৈছিল সিন্ধু ৷ উল্লেখ্য যে, 2015 চনত পদ্মশ্ৰীৰে সন্মানিত হৈছিল সিন্ধু ৷

পদ্মভূষণ পুৰস্কাৰৰ বাবে মনোনীত সিন্ধু
পদ্মভূষণ পুৰস্কাৰৰ বাবে মনোনীত সিন্ধু

ইয়াৰ উপৰিও ভাৰতৰ চতুৰ্থ বৃহৎ নাগৰিক সন্মান পদ্মশ্ৰী পুৰস্কাৰৰ বাবে মনোনীত হৈছে 7 গৰাকী মহিলা সহ ধনুবিদ তৰুণদীপ ৰায় আৰু হকী অলিম্পিয়ান এমপী গণেশৰ নাম ৷ ভাৰতীয় খেল মন্ত্ৰণালয়ে মনোনীত কৰা এই 7 গৰাকী মহিলা খেলুৱৈ হৈছে মল্লযুঁজাৰু বিনেশ ফ’গাট, টেবুল টেনিছ খেলুৱৈ মনিকা বত্ৰা, ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰ, হকী দলৰ অধিনায়ক ৰাণী ৰামপাল, প্ৰাক্তন শ্বুটাৰ চুমা শিৰুৰ, পৰ্বাতাৰোহী জমজ ভগ্নী তাশী আৰু নুনাগ্ছী মলিক ৷ এতিয়া খেলমন্ত্ৰী কিৰণ ৰিজেজুৰ অনুমতি লাভ কৰিলেই এই সন্মান লাভ কৰিবলৈ সক্ষম হ’ব খেলুৱৈসকলে ৷ অহা বছৰ গণতন্ত্ৰ দিৱসত প্ৰদান কৰা হ’ব এই সন্মান সমূহ ৷

ETV BHARAT
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.