স্পৰ্টছ ডেস্ক,৩ এপ্ৰিল : মেড্ৰিড স্পেইন মাষ্টাৰ্ছ ২০২৩ত ৰাণাৰ আপ অৰ্থাৎ দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় ভাৰতীয় বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু (PV Sindhu Finishes Runner up in Spain masters)। চুপাৰ ৩০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ ফাইনেলত সিন্ধু ইণ্ডোনেছিয়াৰ গ্ৰেগৰিয়া মাৰিস্কা টুনজুঙৰ হাতত পোনপটীয়া খেলত পৰাজিত হয় । বছৰটোৰ প্ৰথমখন ফাইনেল খেলি থকা সিন্ধু ২৯ মিনিটত বিশ্বৰ ১২ নম্বৰ টুনজুঙৰ হাতত পৰাজিত হয় ।
-
Super Sindhu 🔥🙌
— BAI Media (@BAI_Media) April 2, 2023 " class="align-text-top noRightClick twitterSection" data="
📸: @badmintonphoto @himantabiswa | @sanjay091968 | @lakhaniarun1 #SpainMasters2023#IndiaontheRise#Badminton pic.twitter.com/hiexrkNc0F
">Super Sindhu 🔥🙌
— BAI Media (@BAI_Media) April 2, 2023
📸: @badmintonphoto @himantabiswa | @sanjay091968 | @lakhaniarun1 #SpainMasters2023#IndiaontheRise#Badminton pic.twitter.com/hiexrkNc0FSuper Sindhu 🔥🙌
— BAI Media (@BAI_Media) April 2, 2023
📸: @badmintonphoto @himantabiswa | @sanjay091968 | @lakhaniarun1 #SpainMasters2023#IndiaontheRise#Badminton pic.twitter.com/hiexrkNc0F
ফাইনেল খেলখনত ৮-২১, ৮-২১ পইণ্টত পৰাজিত হোৱাৰ পাছত সিন্ধুৰ অনুৰাগীসকল কিছু পৰিমাণে নিৰাশ হোৱা দেখা গৈছে (PV Sindhu lost Spain Masters final)। অৱশ্যে ৰাণাৰ আপ হোৱাত একাংশ ক্ৰীড়াপ্ৰেমী আৰু অনুৰাগীয়ে আনন্দ প্ৰকাশ কৰাও দেখা গৈছে ।
আঠ মাহৰ অন্তত, সিন্ধু চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হৈছিল । কিন্তু তেওঁ পুনৰ খিতাপ অৰ্জনত ব্যৰ্থ হয় । অৱশ্যে ফাইনেলত উপনীত হোৱাটোৱে নিশ্চয় সিন্ধুৰ আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । পি ভি সিন্ধু প্ৰাক্তন বিশ্ব চেম্পিয়ন । তেওঁ শেষবাৰৰ বাবে ২০২২ চনৰ আগষ্টত বাৰ্মিংহাম কমনৱেলথ গেমছৰ খিতাপ অৰ্জন কৰিছিল (PV Sondhu in commonwealth games)। কমনৱেলথ গেমছত সিন্ধুৰ ছিংগলছত সেইটো প্ৰথম সোণৰ পদক আছিল ।
-
Yeo Jia Min 🇸🇬 and Pusarla V. Sindhu 🇮🇳 put up a fight.#BWFWorldTour #SpainMasters2023 pic.twitter.com/JuJArJXJwG
— BWF (@bwfmedia) April 1, 2023 " class="align-text-top noRightClick twitterSection" data="
">Yeo Jia Min 🇸🇬 and Pusarla V. Sindhu 🇮🇳 put up a fight.#BWFWorldTour #SpainMasters2023 pic.twitter.com/JuJArJXJwG
— BWF (@bwfmedia) April 1, 2023Yeo Jia Min 🇸🇬 and Pusarla V. Sindhu 🇮🇳 put up a fight.#BWFWorldTour #SpainMasters2023 pic.twitter.com/JuJArJXJwG
— BWF (@bwfmedia) April 1, 2023
৩১ মাৰ্চত অনুষ্ঠিত স্পেইন মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত সিন্ধুৱে এক উন্নত প্ৰদৰ্শন দেখুৱাইছিল । কোৱাৰ্টাৰ ফাইনেল খেলখনত পিভিয়ে মিয়া ব্লিচফেল্ডক ২১-১৪, ২১-১৭ পইণ্টত পৰাস্ত কৰে । মিয়া ব্লিচফেল্ড এগৰাকী ডেনিছ খেলুৱৈ । এই জয়ৰ লগে লগে সিন্ধুৱে ২০২২ চনৰ জুলাইৰ পিছত প্ৰথমবাৰৰ বাবে চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ।
ইয়াৰ পাছতে তেওঁ স্পেইন মাষ্টাৰ্ছ চুপাৰ ৩০০ বেডমিণ্টনৰ ছেমি ফাইনেলত ইয়ো জিয়া মিনক পৰাস্ত কৰে । ১ এপ্ৰিলত অনুষ্ঠিত ছেমি ফাইনেলত সিন্ধুৱে ছিংগাপুৰৰ মিনক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । সিন্ধুৱে ৰোমাঞ্চকৰ খেলখনত ছিংগাপুৰৰ মিনক ২৪-২২, ২২-২০ পইণ্টত পৰাস্ত কৰে । লক্ষণীয়ভাৱে পি ভি সিন্ধু ৬ বছৰতকৈও অধিক সময় ধৰি বিশ্ব বেডমিণ্টন ৰেংকিঙৰ শীৰ্ষত আছে ।
লগতে পঢ়ক :IPL 2023 MI Vs RCB: মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে 8 উইকেটত জয় RCB ৰ; কোহলী, ডু প্লেচিছৰ শ্বটৰ ধুমুহা