ETV Bharat / sports

অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত থাকিব মাত্ৰ ৪৪ গৰাকী ভাৰতীয় খেলুৱৈ

author img

By

Published : Jul 22, 2021, 10:47 PM IST

ছয় গৰাকী বিষয়াৰ সৈতে মাৰ্চ-পাষ্টৰ সময়ত মুঠ ৫০ গৰাকী ভাৰতীয় উপস্থিতি থাকিব । ভাৰতৰ হৈ এইবাৰ ১২৫ জনতকৈও অধিক খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছে আৰু সকলো বিষয়া কৰ্মচাৰীৰ সৈতে এই সংখ্যা হৈছে ২২৮ গৰাকী ।

Indian athletes to participate in Olympics opening ceremony
অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত থাকিব মাত্ৰ ৪৪ গৰাকী ভাৰতীয় খেলুৱৈ

স্পৰ্টছ ডেস্ক,২২ জুলাই: ক'ভিড(Covid) মহামাৰীৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি অলিম্পিক গেমছৰ উদ্বোধনী অনুষ্ঠানত অতি সীমিত সংখ্যক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । ভাৰতীয় অলিম্পিক সংস্থাৰ (IOA) সম্পাদক প্ৰধান ৰাজীৱ মেহতাই জনোৱা মতে ৪৪ জনতকৈ অধিক ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ নকৰে এই অনুষ্ঠানত । উদ্বোধনী অনুষ্ঠানৰ পিছদিনাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলক ইতিমধ্যে এই অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে ।

উল্লেখ যে ছয় গৰাকী বিষয়াৰ সৈতে মাৰ্চ-পাষ্টৰ সময়ত মুঠ ৫০ গৰাকী ভাৰতীয় উপস্থিতি থাকিব । ৰাজীৱ মেহতাৰ মতে কোনোৱে এগৰাকী খেলুৱৈও কৰ'ণাত আক্ৰান্ত হোৱাটো কামনা নকৰে । সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

পুৱা চেফ ডি মিছন আৰু প্ৰশিক্ষকসকলৰ মাজত হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত লোৱা হয় । ভাৰতৰ হৈ এইবাৰ ১২৫ জনতকৈও অধিক খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছে আৰু সকলো বিষয়া কৰ্মচাৰীৰ সৈতে এই সংখ্যা হৈছে ২২৮ গৰাকী । অলিম্পিকৰ প্ৰথম দিনৰ প্ৰতিযোগিতাত অংশ ল'বলগীয়া ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটাৰ সৌৰভ চৌধুৰী, অভিষেক বাৰ্মা, অপূৰ্বী চান্দেলা আৰু ইলাভেনিল ভালাৰিভানৰ উপৰিও দ্বিতীয় দিনাৰ খেলত অংশ ল'বলগীয়া মনু ভাকাৰ, যশস্বিনী সিং দেশৱাল, দীপক কুমাৰ আৰু দিব্যান্স সিং পানৱাৰে উদ্বোধনী অনুষ্ঠানটোত উপস্থিত নাথাকিব । শ্বুটিঙৰ ভাৰতীয় দলটোৰ টকিঅ'ত ছয়জন প্ৰশিক্ষক আৰু এজন ফিজিঅ'থেৰাপিষ্টৰ উপৰিও আঠগৰাকী ৰাইফল, পাঁচগৰাকী পিষ্টল আৰু দুগৰাকী স্কীট শ্বুটাৰ আছে ।

অৱশ্যে উদ্বোধনী অনুষ্ঠানৰ পিছদিনা বক্সাৰ, আৰ্চাৰ আৰু পুৰুষ আৰু মহিলা হকী দলসমূহেও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কথা আছে । উদ্বোধনী অনুষ্ঠানৰ বাবে ভাৰতৰ পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিং আৰু ছয় বাৰৰ বিশ্ব চেম্পিয়ন মহিলা বক্সাৰ এম চি মেৰী কমক পতাকাবাহক (flag-bearers) হিচাপে মনোনীত কৰিছে । যদিও মেৰী কমে পিছদিনা প্ৰতিদ্বন্দিতা কৰাৰ কথা নাই কিন্তু মনপ্ৰীতে শনিবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন খেলত অংশ ল'ব ।

ইফালে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ সম্পৰ্কত ডেপুটি চেফ ডি মিছন বাৰ্মাই কয় যে যিসকল খেলুৱৈ সম্প্ৰতি কোৱাৰেণ্টাইনত আছে তেওঁলোককো এই অনুষ্ঠানত উপস্থিত থকাৰ অনুমতি দিয়া হোৱা নাই । অন্যান্য দেশৰ লগতে ব্ৰিটেইনেও মাত্ৰ ৩০ গৰাকী খেলুৱৈকহে অনুষ্ঠানত উপস্থিত থকাৰ অনুমতি দিছে । উল্লেখ্য যে ব্ৰিটেইনৰ পৰা এইবাৰ টকিঅ' অলিম্পিকত ৩৭৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক:টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ সঞ্চালকক বৰ্খাস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.