ETV Bharat / sports

গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব 'FAU-G'

গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব বহু প্ৰত্যাশিত 'FAU-G' গেম । গেমটোৰ বিষয়ে বৰ্ণনা কৰা এটি এনিমেটেড ভিডিঅ' ছুপাৰষ্টাৰ অক্ষয় কুমাৰে ছ'চিয়েল মিডিয়াযোগে উন্মোচন কৰিছিল ।

author img

By

Published : Jan 27, 2021, 2:21 PM IST

গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব 'FAU-G'
গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব 'FAU-G'

স্পৰ্টছ ডেস্ক, ২৭ জানুৱাৰী: ৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনটোতে ভাৰতত উদ্বোধন হ'ল 'FAU-G'(Fearless and United guards) গেম । 'FAU-G' গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব । গেমটোৰ বিষয়ে বৰ্ণনা কৰা এটি এনিমেটেড ভিডিঅ'ও ছুপাৰষ্টাৰ অক্ষয় কুমাৰে ছ'চিয়েল মিডিয়াযোগে উন্মোচন কৰে । অনলাইন গেমৰ প্ৰতি আগ্ৰহী লোকসকলক আকৰ্ষিত কৰাৰ বাবে এপটোৰ বিষয়ে বৰ্ণনা কৰোতে ভাৰতীয়ে সেনাই কেনেদৰে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়ে, সেই বিষয়ে উল্লেখ কৰা হৈছে ।

গেমৰ জৰিয়তে সীমান্তৰ বিপদজনক অঞ্চলত ভাৰতীয় সেনাৰ সৈতে তহল দিয়া, শত্ৰুৰ সৈতে যুঁজ দিয়াৰ অনুভৱ ল'বলৈও আহ্বান জনোৱা হৈছে । লগতে দেশৰ সুৰক্ষাৰ দায়িত্বত কৰ্তব্যৰত দেশপ্ৰেমিক সেনাৰ কষ্ট,ত্যাগক অনুধাৱন কৰিবলৈও আহ্বান জনাইছে । দেশৰ সেনা জোৱানসকললৈ ত্যাগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বাংগালুৰুস্থিত এনক'ৰ গেমছে 'FAU-G' গেম প্ৰস্তুত কৰি উলিয়াইছে ।

গেমৰ জৰিয়তে সীমান্তত ভাৰতীয় সেনাই অতি কষ্টেৰে অতিবাহিত কৰা জীৱনৰো আভাস দিয়া হৈছে । ২০২০ চনৰ ছেপ্টেম্বৰ মাহতে আত্মনিৰ্ভৰ ভাৰতৰ অংশ হিচাপে ছুপাৰষ্টাৰ অক্ষয় কুমাৰে 'FAU-G' গেম প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰিছিল । PUBGৰ বিকল্প হিচাপে এই 'FAU-G' গেম প্ৰস্তুত কৰাত আনন্দিত হৈ পৰিছে অনলাইন গেমৰ প্ৰতি আগ্ৰহী লোকসকল ।

লগতে পঢ়ক:‘চনক’ ছবিখনত বিদ্যুৎ জম্মুৱালৰ সৈতে দেখা যাব নেহা ধুপীয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.