স্পৰ্টছ ডেস্ক, ২২ ডিচেম্বৰ: মিজোৰামত বক্সিং, জুড' আৰু ৱেইটলিফ্টিঙৰ বাবে ৩ খেল' ইণ্ডিয়া ষ্টেট চেণ্টাৰ অৱ এক্সেলেন্স উন্মোচন কৰিলে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৱে । ভিডিঅ' কনফাৰেন্সিঙযোগে অনুষ্ঠানত অংশ লৈ ৰিজিজুৱে কয় যে, চেণ্টাৰ ফৰ এক্সেলেন্স এক বৃহৎ পদক্ষেপ আছিল । ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে আৰু দেশত খেল সংস্কৃতিৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ আৰম্ভণি আছিল ।
ভাৰতক এখন ক্ৰীড়া শক্তিৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে, বৰ্তমানৰ যুৱক-যুৱতীসকল দূৰদৰ্শী আৰু তেওঁলোকে ক্ৰীড়াৰ উন্নয়নৰ বাবে বিভিন্ন ক্ষেত্ৰৰ অগ্ৰণী ভূমিকা লয় । খেল' ইণ্ডিয়া অনুষ্ঠানৰ সফলতাৰ বিষয়ে ক'বলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, এই অনুষ্ঠানে ক্ৰীড়াবিদসকলক উৎসাহিত কৰিছে । এতিয়া দেশৰ বিভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মই নিজকে খেল' ইণ্ডিয়া ব্ৰেণ্ডৰ সৈতে নিজকে জড়িত কৰাত আগ্ৰহ প্ৰদৰশন কৰিছে । খেল' ইণ্ডিয়া সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় অনুষ্ঠান বুলি তেওঁ মন্তব্য কৰে ।
ক্ৰীড়া ক্ষেত্ৰত বিভিন্ন সা-সুবিধা প্ৰদানৰ লগতে প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সৈতে কেন্দ্ৰীয় চৰকাৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে । কিৰেণ ৰিজিজুৱে ৰাজ্যসমূহক আটাইতকৈ উৎকৃষ্ট প্ৰশিক্ষণৰ গ্ৰহণ কৰি নিজকে আনৰ বাবে উদাহৰণ কৰি গঢ়ি তুলিবলৈ আহ্বান জনায় । লগতে ভাৰতৰ ক্ৰীড়া কৰ্তৃপক্ষই সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে । মিজোৰামৰ লগতে অৰুণাচল প্ৰদেশ, কেৰালা, কৰ্ণাটক, মণিপুৰ, নাগালেণ্ড, উৰিষ্যা আৰু তেলেংগানাত আজিৰ অনুষ্ঠানতে খেল' ইণ্ডিয়া ষ্টেট চেণ্টাৰ অৱ এক্সেলেন্স উন্মোচন কৰে ।
লগতে পঢ়ক: দিল্লীৰ বায়ুমণ্ডলৰ গুণাগুণ অতি বেয়া