স্পৰ্টছ ডেস্ক, 12 মে' : ভাৰতীয় পেৰা অলিম্পিয়ান সমিতিৰ সভাপতিৰ পদত অধিষ্ঠিত হ'বৰ বাবে পেৰা এথলীট দীপা মালিকে সোমবাৰে অৱসৰ ঘোষণা কৰে ৷ টুইটাৰৰ জৰিয়তে দীপা মালিকে কয়, "এতিয়া অৱসৰ ঘোষণা কৰাৰ সময় হৈছে আৰু অন্য খেলুৱৈসকলে পদক দখল কৰিবৰ বাবে পাছপৰ্ট আৰু সমৰ্থন আগবঢ়াবলৈ সাজু হ'ম ৷"
তেওঁৰ সিদ্ধান্ত সম্পৰ্কত মন্তব্য কৰি কয়, "মই 2019 চনৰ 16 ছেপ্তেম্বৰতে PCI ক অৱসৰ পত্ৰ দাখিল কৰিছো ৷ কিন্তু, উচ্চ ন্যায়ালয়ৰ সন্মতিৰ বাবে ৰৈ থকাৰ বাবে এতিয়া ক্ৰীড়া মন্ত্ৰণালয়ক এই পত্ৰ দাখিল কৰিছো ৷ PCI ৰ সমৰ্থনত ফলাফল লাভ কৰাৰ পাচতে উচ্চ ন্যায়ালয়ে নতুন সমিতি গঠনৰ বাবে অনুমতি প্ৰদান কৰিলে ৷"
দেশৰ যুৱ পেৰা অলিম্পিয়ান সকলক সমৰ্থন আৰু সহায় আগবঢ়াবৰ বাবে সাজু হোৱা বুলি মন্তব্য কৰে মালিকে ৷ ৰাষ্ট্ৰীয় ক্ৰীড়া সংহিতা নিৰ্দেশাৱলী অনুসৰি, এগৰাকী সক্ৰিয় এথলীটে কোনো ফেডাৰেছনৰ পদ দখল কৰিব নোৱাৰে ৷ সেয়েহে নিয়ম অনুসৰণ কৰি এক ভাল উদাহৰণ দাঙি ধৰিবলৈ চেষ্টা কৰা বাবে অৱসৰ ঘোষণা কৰিছে বুলি মালিকে উল্লেখ কৰে ৷
49 বৰ্ষীয় এথলীট গৰাকীয়ে মন্তব্য কৰে, "অৱসৰৰ পাচতো ক্ৰীড়াক্ষেত্ৰলৈ অৱদান আগবঢ়াবলৈ পাই মই গৌৰৱান্বিত ৷ এই সিদ্ধান্ত বহু কষ্টৰে মই ল'বলগা হৈছিল ৷ কিন্তু, ভালৰ বাবে মই সিদ্ধান্তটো গ্ৰহণ কৰিলো ৷"
-
For election purpose had already submitted a letter to PCI long back, awaited decisions of Highcourt to validate new committee n now for affiliation with MYAS making a public declaration of retirement from active sports. Time to serve parasports and support others to achieve. pic.twitter.com/IF8YLz9yrA
— Deepa Malik (@DeepaAthlete) May 11, 2020 " class="align-text-top noRightClick twitterSection" data="
">For election purpose had already submitted a letter to PCI long back, awaited decisions of Highcourt to validate new committee n now for affiliation with MYAS making a public declaration of retirement from active sports. Time to serve parasports and support others to achieve. pic.twitter.com/IF8YLz9yrA
— Deepa Malik (@DeepaAthlete) May 11, 2020For election purpose had already submitted a letter to PCI long back, awaited decisions of Highcourt to validate new committee n now for affiliation with MYAS making a public declaration of retirement from active sports. Time to serve parasports and support others to achieve. pic.twitter.com/IF8YLz9yrA
— Deepa Malik (@DeepaAthlete) May 11, 2020
উল্লেখ্য যে, যোৱা বছৰৰ 29 এপ্ৰিলত মালিকে ৰাজীৱ গান্ধী খেল ৰত্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এই সন্মান লাভ কৰা তেওঁ প্ৰথম গৰাকী পেৰা অলিম্পিয়ান হিচাপে বিবেচিত হৈছে ৷ ইয়াৰোপৰি, পেৰা অলিম্পিয়ান গেমছত 58 টা ৰাষ্ট্ৰীয় আৰু 23 টা আন্তৰাষ্ট্ৰীয় পদক দখল কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় মহিলা এথলীট ৷ তেওঁ পদ্মশ্ৰী আৰু অৰ্জুন সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল ৷