ETV Bharat / sports

স্ব-গৃহত উপস্থিত ব্ৰঞ্জৰ পদক বিজয়ী যমুনা বড়ো আৰু লাভলীনা বৰগোহাঁই

বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণী ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা দুই অসম জীয়ৰীক ৷

author img

By

Published : Oct 22, 2019, 7:35 PM IST

স্ব-গৃহত উপস্থিত ব্ৰঞ্জৰ পদক বিজয়ী যমুনা বড়ো আৰু লাভলীনা বৰগোহাঁই

দক্ষিণ কামৰূপ, 22 অক্টোবৰ: স্ব-গৃহত উপস্থিত হ’ল অসমৰ দুই বক্সাৰ যমুনা বড়ো আৰু লাভলীনা বৰগোহাঁই ৷ ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি অৱশেষত মঙলবাৰে স্ব-গৃহত উপস্থিত হয় অসমৰ দুই প্ৰতিভাৱান খেলুৱৈ ৷

ব্ৰঞ্জ পদক বিজয়ী যমুনা বড়ো আৰু লাভলীনা বৰগোহাঁই

ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা দুয়োগৰাকী খেলুৱৈক বৰঝাৰ বিমান বন্দৰত আদৰিবলৈ ভিৰ কৰে সহস্ৰাধিক অনুৰাগীয়ে ৷ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে অনুৰাগী সকলে উষ্ম আদৰণি জনাই খেলুৱৈ দুগৰাকীক ।

পোন প্ৰথমবাৰৰ বাবে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা যমুনাই ভৱিষ্যতে সোণৰ পদক লাভ কৰিবলৈ চেষ্টা চলাব বুলি উল্লেখ কৰে ৷ ইপিনে 8 বাৰকৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদক বুটলিবলৈ সক্ষম হোৱা উত্তৰ পূৰ্বাঞ্চলৰ জীয়ৰী মেৰী কমক অনুসৰণ কৰিয়ে উৎসাহিত হোৱা বুলি কয় যমুনাই ৷ আনহাতে এইবাৰ সোণৰ সলনি ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হ’ল বুলি উল্লেখ কৰি অনাগত সময়ত স্বৰ্ণ পদক লাভ কৰাৰ যত্ন কৰিম বুলি কয় লাভলীনা বৰগোঁহাইয়ে ৷

Intro:ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়ন শ্বিপত ব্ৰঞ্জৰ পদক জয়ী কৰি গৃহ ভূমিত আহি উপস্থিত হল বাক্সাৰ যমুনা বড়ো আৰু লাভলীনা বৰগোহাঁই ।

Body:Vo…অসম আইক পুনৰ এবাৰ বিশ্ব দৰবাৰত উজ্বলালে দুই অসম জীয়ৰীযে । ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়ন শ্বিপত ব্ৰঞ্জ ৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অসম জীয়ৰী যমুনা বড়ো আৰু লাভলীনা বৰগোহাঁই আজি উপস্থিত হ'ল গৃহ ভূমিত । ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা দুয়োগৰাকী খেলুৱৈক আদৰিবলৈ বৰঝাৰ বিমান সহস্ৰাধিক অনুৰাগীয়ে আদৰি লৈ যায় । খেলুৱৈ দুগৰাকী বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে অনুৰাগী সকলে ফুলৰ মালা গামোচা,পাজাৰ,জাপি আদিৰে উষ্ম আদৰণি জনাই ।
পোনপ্ৰথম বাৰৰ বাবে বিশ্ব মহিলা বক্সিং চেম্পিয়ন শ্বিপত অংশ গ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা খেলুৱৈ দুগৰাকীয়ে ভৱিষ্যতে আৰু ভাল ফলাফল দেখুৱাবলৈ চেষ্টা কৰি বিশ্ব দৰবাৰত অসম তথা ভাৰত বৰ্ষৰ নাম উজ্বলাব বুলি আশা প্ৰকাশ কৰে ।

Bite1&2..যমুনা বড়ো আৰু লাভলীনা বৰগোঁহাই .
Conclusion:লগতে ৮বাৰকৈ বিশ্ব বক্সিং চেম্পিয়ন শ্বিপ জয়ী উত্তৰ পূৰ্বাঞ্চলৰ জীয়ৰী মেৰিকমক অনুসৰণ কৰিয়ে উৎসাহিত হোৱা বুলি মন্তব্য কৰিলে দুয়োগৰাকী খেলুৱৈ ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.