ETV Bharat / sports

Intercontinental Cup 2023 : ৪৬ বছৰৰ পাছত লেবাননৰ বিৰুদ্ধে ভাৰতৰ জয় - India beat lebanon at Kalinga Stadium

আন্তঃমহাদেশীয় কাপ ২০২৩ ফুটবল টুৰ্ণামেণ্টত ভাৰতৰ জয় । লেবাননক ২-০ গ'লত পৰাস্ত কৰি ভাৰতে খিতাপ দখল কৰিবলৈ সক্ষম হয় । ভাৰতীয় দলটোক শুভেচ্ছা ওড়িশাৰ মুখ্যমন্ত্ৰীৰ ।

Intercontinental Cup 2023
৪৬ বছৰৰ পাছত লেবাননৰ বিৰুদ্ধে ভাৰতৰ জয়
author img

By

Published : Jun 19, 2023, 4:44 PM IST

স্পৰ্টছ ডেস্ক,১৯ জুন : সুনীল ছেত্ৰীৰ নেতৃত্বত ভাৰতীয় ফুটবল দলৰ চমৎকাৰী প্ৰদৰ্শন । সুদীৰ্ঘ ৪৬ বছৰৰ অন্তত ভাৰতীয় দলটোৱে আন্তঃমহাদেশীয় কাপ ২০২৩ ফুটবল টুৰ্ণামেণ্টত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতাৰ ফাইনেলত লেবাননক ২-০ গ'লত পৰাস্ত কৰি ভাৰতীয় দলটোৱে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় । এই ঐতিহাসিক বিজয়ৰ পাছতে ভাৰতীয় দলটোৰ খেলুৱৈসকলে ব্যাপক উদযাপন কৰা দেখা গৈছে । ওড়িশাৰ মুখ্যমন্ত্ৰীয়েও সকলো খেলুৱৈৰ প্ৰদৰ্শনক প্ৰশংসা কৰিছে ।

উল্লেখ্য যে ভূৱনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আন্তঃমহাদেশীয় কাপ ২০২৩ৰ ফাইনেল । ভাৰতীয় দলটোৱে ফাইনেলত লেবাননক পৰাস্ত কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । গোটেই প্ৰতিযোগিতাখনতে সুনীল ছেত্ৰীৰ নেতৃত্বত ভাৰতীয় দলটোৱে উন্নত প্ৰদৰ্শন দেখুৱাইছে । লক্ষণীয়ভাৱে শক্তিশালী ভাৰতীয় দলৰ বিৰুদ্ধে লেবাননে এটাও গ'ল কৰিব নোৱাৰিলে আৰু লেবাননে ফাইনেলত পৰাজয়ৰ সন্মুখীন হ'ব লগা হয় ।

ইয়াৰ পূৰ্বে ২০২১ চনত ভাৰতীয় ফুটবল দলে এছএএফএফ চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰাৰ পাছত প্ৰথমবাৰৰ বাবে এটা ট্ৰফী জিকিছে । ইফালে আন্তঃমহাদেশীয় কাপৰ ফাইনেলখন অতি ৰোমাঞ্চকৰ আছিল । ফিফা ৰেংকিঙৰ ১০৬ নম্বৰত থকা ভাৰতীয় দলটোৱে এই খিতাপ অৰ্জনৰ লগে লগে তালিকাৰ ৯৯ স্থানলৈ উন্নীত হয় ।

ভাৰতীয় দলটোৰ এই বিজয়ৰ পাছতে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে টুইট কৰি দলটোক অভিনন্দন জনাইছে । তেওঁ আশা কৰা মতে ভাৰতীয় দলটোৱে জয়ৰ ধাৰা অব্যাহত ৰাখিব আৰু দেশক গৌৰৱান্বিত কৰি যাব । ইয়াৰোপৰি মুখ্যমন্ত্ৰী পাটনায়কে ট্ৰফী প্ৰদান অনুষ্ঠানত উপস্থিত থাকি ভাৰতীয় দলটোক ট্ৰফী প্ৰদান কৰে আৰু দলটোক এক কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে ।

মুখ্যমন্ত্ৰী পাটনায়কে কয় যে এই প্ৰতিযোগিতাখন আয়োজন কৰাটো ওড়িশাৰ বাবে গৌৰৱৰ বিষয় । ভাৰতে ৪৬ বছৰৰ পাছত এখন ফুটবল প্ৰতিযোগিতাত লেবাননক পৰাস্ত কৰিছে । ভাৰতে ১৯৭৭ চনৰ পাছত প্ৰথমবাৰৰ বাবে লেবাননৰ বিৰুদ্ধে জয়লাভ কৰিছে ।

লগতে পঢ়ক :Jasprit Bumrah comeback : ২২ গজলৈ কেতিয়া উভতিব বুমৰাহ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.