ETV Bharat / sports

Covid-১৯ ত আক্ৰান্ত ভাৰতীয় শ্বটগান প্ৰশিক্ষক

ইজিপ্তৰ কাইৰ'ত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক শ্বুটিং স্পোৰ্ট ফেডাৰেচন বিশ্বকাপত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ প্ৰশিক্ষক এগৰাকীৰ দেহত Covid-১৯ পজিটিভ । সম্প্ৰতি আইচলেছনত প্ৰশিক্ষকগৰাকী ।

Covid-১৯ ত আক্ৰান্ত ভাৰতীয় শ্বটগান প্ৰশিক্ষক
Covid-১৯ ত আক্ৰান্ত ভাৰতীয় শ্বটগান প্ৰশিক্ষক
author img

By

Published : Feb 28, 2021, 3:54 PM IST

স্পৰ্টছ ডেস্ক, ২৮ ফেব্ৰুৱাৰী: বিশ্বজুৰি বৰ্তমানেও অব্যাহত আছে Covid-১৯ ৰ সংক্ৰমণ । শেহতীয়াকৈ ইজিপ্তৰ কাইৰ'ত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক শ্বুটিং স্পোৰ্ট ফেডাৰেচন বিশ্বকাপত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ প্ৰশিক্ষক এগৰাকীৰ দেহত Covid-১৯ পজিটিভ ধৰা পৰে । দেওবাৰে ভাৰতীয় ৰাষ্ট্ৰীয় ৰাইফল এছোচিয়েচন চমুকৈ আৰএআইৰ এগৰাকী বিষয়াই সংবাদ প্ৰতিস্থান পি টি আইক জানিবলৈ দিয়া মতে, প্ৰশিক্ষকগৰাকীৰ দেহত Covid-১৯ পজিটিভ ধৰা পৰাৰ পাছতে তেওঁক ততাতৈয়াকৈ আইচলেছনত ৰখাৰ ব্যৱস্থা কৰা হয় । উল্লেখ্য যে, কাইৰ'ত উপস্থিত হোৱাৰ পাচত ভাৰতীয় দলৰ সকলো সদস্যকে তেওঁলোকৰ সাস্থ্য পৰীক্ষা কৰোৱা হৈছিল । য'ত প্ৰশিক্ষকগৰাকীৰ দেহত পজিটিভ ধৰা পৰাৰ লগতে আন সদস্যকলৰ দেহত নেগেটিভ পোৱা যায় ।

অৱশ্যে প্ৰশিক্ষকগৰাকীৰ দেহত ক’ভিডৰ কোনোধৰণৰ লক্ষণৰ দেখা নাছিল । বৰ্তমানেও তেওঁক আইচলেছনত ৰখা হৈছে । পৰৱৰ্তী দুই এদিনৰ ভিতৰত তেওঁক আন এক পৰীক্ষা সম্পন্ন কৰোৱা হ'ব । ইফালে, ফেডাৰেচনে জাৰি কৰা প্ৰট’কল অনুসৰি, সকলো দলৰ সদস্যই প্ৰতি ৭২ ঘণ্টাৰ অন্তৰে অন্তৰে COVID-১৯ ৰ পৰীক্ষা সম্পন্ন কৰোৱাব লাগিব ।

লগতে পঢ়ক:জ' ৰোটৰ ফাইফাৰৰ পাচতে টুইটৰ জোৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.