ETV Bharat / sports

কমনৱেলথ গেমছ বহিষ্কাৰ সন্দৰ্ভত ভাৰতীয় খেলুৱৈৰ প্ৰতিক্ৰিয়া - SHOOTING

কমনৱেলথ গেমছ বহিষ্কাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতীয় খেলুৱৈয়ে ৷

ভাৰতীয় অলিম্পিক এছ'চিয়েছন
author img

By

Published : Jul 30, 2019, 9:58 PM IST

স্পৰ্টছ ডেস্ক, 30 জুলাই : বাৰ্মিংহামত অনুষ্ঠিত হ'বলগা কমনৱেলথ গেমছ, 2022 বহিষ্কাৰ কৰাৰ ভাবুকি প্ৰদান কৰিছে ভাৰতে ৷ ছুটিঙক এই প্ৰতিযোগিতাৰ তালিকাৰ পৰা বাহিৰ কৰাৰ পাছতে এনেদৰে ভাৰতে নিজৰ নিৰাশা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ৷ প্ৰতিবেদন অনুসৰি,1966 চনৰ পৰা প্ৰতিবাৰেই কমনৱেলথ গেমছত স্থান লাভ কৰা এই খেলবিধৰ বাবে প্ৰয়োজনীয় সা-সুবিধা নথকাৰ বাবেই বাৰ্মিংহামত ছুটিঙক বাদ দিয়া হৈছে ৷ ভাৰতীয় অলিম্পিক এছ'চিয়েছনৰ সভাপতি নৰিন্দৰ বাট্ৰাই ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুলৈ এক পত্ৰ প্ৰেৰণৰ জৰিয়তে কমনৱেলথ গেমছ বহিষ্কাৰৰ আবেদন জনায় ৷

উল্লেখ্য যে,ভাৰতে বহু বছৰ ধৰি ছুটিঙত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ সক্ষম হৈ আহিছে ৷ সেয়েহে ছুটিঙক কমনৱেলথৰ পৰা বাহিৰ কৰিলে পদক তালিকাত ভাৰতৰ যথেষ্টখিনি ক্ষতি হোৱাৰ সম্ভাৱনা আছে ৷

এই সম্পৰ্কে ক্ৰীড়াক্ষেত্ৰৰ বহুকেইজন খেলুৱৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে -

অচন্তা শৰথ কমল (টেবুল টেনিছ)-ভাৰতীয় অলিম্পিক এছ'চিয়েছনে প্ৰতিটো খেলকে ধ্যানত ৰাখি কোনো সিদ্ধান্ত গ্ৰহণ কৰা উচিত ৷ এনেদৰে কমনৱেলথ বহিস্কাৰ কৰিলে অন্য খেলসমূহৰো ক্ষতি হ'ব ৷ ছুটিং ভাৰতৰ বাবে বহু মহত্বপূৰ্ণ খেল হোৱাৰ বাবেই এছ'চিয়েছনে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

অমিত পাংঘাল (বক্সিং)- এই প্ৰতিযোগিতা আমাৰ বাবে বহু প্ৰয়োজনীয় হ'লেও খেল বিভাগৰ যি সিদ্ধান্ত সেইয়াই চূড়ান্ত সিদ্ধান্ত ৷ যিহেতু শ্বুটিং ভাৰতৰ বাবে বহু প্ৰয়োজনীয় সেয়েহে শ্বুটিংৰ বাবেই থিয় দিয়া উচিত হ'ব ৷

ৰজত চৌহান (আৰ্চাৰী) - 2010 চনৰ পৰা আৰ্চাৰী কোনো ৰাষ্ট্ৰমণ্ডল খেলৰে অংশীদাৰ হোৱা নাই ৷ কোনেও এই সম্পৰ্কত প্ৰশ্ন উত্থাপন নকৰিলে ৷ সেয়েহে এইয়া যদি কেৱল শ্বুটিংৰ বাবেই কৰা হৈছে তেন্তে মই ইয়াৰ বিৰুদ্ধে থিয় দিম ৷

অভিনৱ বিন্দ্ৰা (ছুটিং)-বহিষ্কাৰ কোনো বস্তুৰে সমাধান নহয়,ইয়াৰ পৰা খেলুৱৈ সকল প্ৰভাৱিত হ'ব ৷

দ্যুতি চান্দ (এথলীট) - আমি দেশক প্ৰতিনিধিত্ব কৰো, যদি দেশ কমনৱেলথ নায়ায় আমিও নাযাওঁ ৷ এছ'চিয়েছনে যি সিদ্ধান্ত গ্ৰহণ কৰিব আমিও তাৰ সৈতে সন্মত ৷

INDIAN PLAYERS REVIEWS ON THE BOYCOTT OF COMMONWEALTH GAMES

কমনৱেলথ গেমছ বহিষ্কাৰ সন্দৰ্ভত ভাৰতীয় খেলুৱৈৰ প্ৰতিক্ৰিয়া

স্পৰ্টছ ডেস্ক, 30 জুলাই : বাৰ্মিংহামত অনুষ্ঠিত হ'বলগা কমনৱেলথ গেমছ, 2022 বহিষ্কাৰ কৰাৰ ভাবুকি প্ৰদান কৰিছে ভাৰতে ৷ ছুটিঙক এই প্ৰতিযোগিতাৰ তালিকাৰ পৰা বাহিৰ কৰাৰ পাছতে এনেদৰে ভাৰতে নিজৰ নিৰাশা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ৷ প্ৰতিবেদন অনুসৰি, 1966 চনৰ পৰা প্ৰতিবাৰেই কমনৱেলথ গেমছত স্থান লাভ কৰা এই খেলবিধৰ বাবে প্ৰয়োজনীয় সা - সুবিধা নথকাৰ বাবেই বাৰ্মিংহামত ছুটিঙক বাদ দিয়া হৈছে ৷ ভাৰতীয় অলিম্পিক এছ'চিয়েছনৰ সভাপতি নৰিন্দৰ বাট্ৰাই ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুলৈ এক পত্ৰ প্ৰেৰণৰ জৰিয়তে কমনৱেলথ গেমছ বহিষ্কাৰৰ আবেদন জনায় ৷

উল্লেখ্য যে, ভাৰতে বহু বছৰ ধৰি ছুটিঙত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ সক্ষম হৈ আহিছে ৷ সেয়েহে ছুটিঙক কমনৱেলথৰ পৰা বাহিৰ কৰিলে পদক তালিকাত ভাৰতৰ যথেষ্টখিনি ক্ষতি হোৱাৰ সম্ভাৱনা আছে ৷

এই সম্পৰ্কে ক্ৰীড়াক্ষেত্ৰৰ বহুকেইজন খেলুৱৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে -

অচন্তা শৰথ কমল (টেবুল টেনিছ) - ভাৰতীয় অলিম্পিক এছ'চিয়েছনে প্ৰতিটো খেলকে ধ্যানত ৰাখি কোনো সিদ্ধান্ত গ্ৰহণ কৰা উচিত ৷ এনেদৰে কমনৱেলথ বহিস্কাৰ কৰিলে অন্য খেলসমূহৰো ক্ষতি হ'ব ৷ ছুটিং ভাৰতৰ বাবে বহু মহত্বপূৰ্ণ খেল হোৱাৰ বাবেই এছ'চিয়েছনে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

অমিত পাংঘাল (বক্সিং) - এই প্ৰতিযোগিতা আমাৰ বাবে বহু প্ৰয়োজনীয় হ'লেও খেল বিভাগৰ যি সিদ্ধান্ত সেইয়াই চূড়ান্ত সিদ্ধান্ত ৷ যিহেতু ছুটিং ভাৰতৰ বাবে বহু প্ৰয়োজনীয় সেয়েহে ছুটিঙৰ বাবেই থিয় দিয়া উচিত হ'ব ৷

ৰজত চৌহান (আৰ্চাৰী) - 2010 চনৰ পৰা আৰ্চাৰী কোনো ৰাষ্ট্ৰমণ্ডল খেলৰে অংশীদাৰ হোৱা নাই ৷ কোনেও এই সম্পৰ্কত প্ৰশ্ন উত্থাপন নকৰিলে ৷ সেয়েহে এইয়া যদি কেৱল ছুটিঙৰ বাবেই কৰা হৈছে তেন্তে মই ইয়াৰ বিৰুদ্ধে থিয় দিম ৷

অভিনৱ বিন্দ্ৰা (ছুটিং) - বহিষ্কাৰ কোনো বস্তুৰে সমাধান নহয়, ইয়াৰ পৰা খেলুৱৈ সকল প্ৰভাৱিত হ'ব ৷

দুতি চাঁন্দ (এথলীট) - আমি দেশক প্ৰতিনিধিত্ব কৰো, যদি দেশ কমনৱেলথ নায়ায় আমিও নাযাওঁ ৷ এছ'চিয়েছনে যি সিদ্ধান্ত গ্ৰহণ কৰিব আমিও তাৰ সৈতে সন্মত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.