ETV Bharat / sports

Norway chess open: খিতাপ দখলেৰে নৰৱে’ত জিলিকিল ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ - Norway chess open

নৰৱে’ত ভাৰতীয়ই ভাৰতীয়ক পৰাজিত কৰি দখল কৰিলে open chess championship ৰ খিতাপ । গ্ৰেণ্ডমাষ্টাৰ আৰ. প্ৰাগনানন্দাই 9 টা ৰাউণ্ডত সংগ্ৰহ কৰিলে ৭.৫ পইণ্ট ৷

indian grand master
নৰৱেত জিলিকিল ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ প্ৰাগনাানন্দা
author img

By

Published : Jun 11, 2022, 6:10 PM IST

স্প'ৰ্টছ ডেস্ক, ১১জুন: বিশ্ব ক্ৰীড়াংগণত ভাৰতৰ জয়যাত্ৰা অব্য়াহত আছে । এইবাৰ নৰৱে’ত উজলিল Norway chess open championship ত । উক্ত প্ৰতিযোগিতাখনিত এগৰাকী ভাৰতীয়ই আন এজন ভাৰতীয়ক পৰাজিত কৰি এই খিতাপ দখল কৰে । নৰৱে’ত group open chess championship (গ্ৰুপ এ মুকলি ডবা প্ৰতিযোগিতা)ত বিজয়ী হয় গ্ৰেণ্ডমাষ্টাৰ আৰ. প্ৰাগনানন্দা( Indian grandmaster Praganananda shines in Norway) ৷ ভাৰতৰ যুৱ ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ. প্ৰাগনানন্দাই শুকুৰবাৰে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ ভি. প্ৰনীতৰ বিৰুদ্ধে বিজয়ী হ'বলৈ সক্ষম হয় ।

গ্ৰেণ্ডমাষ্টাৰ আৰ. প্ৰাগনাানন্দাই 9 টা ৰাউণ্ডৰ পৰা সংগ্ৰহ কৰে ৭.৫ পইণ্ট । উল্লেখ্য় যে শীৰ্ষ স্থানত থকা 16 বছৰীয়া প্ৰাগনাানন্দাই 9টা ৰাউণ্ডত অপৰাজিত আছিল । দ্বিতীয় স্থানত থকা আই এম মাৰ্চেল এফ্ৰোইমস্কি (ইজৰাইল) আৰু আই এম জাং মিন চিও (চুইডেন)তকৈ প্ৰাগনাানন্দাই (ইলো ২৬৪২) সম্পূৰ্ণ পইণ্টত আগবাঢ়ি বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ।

উল্লেখ্য় যে দ্বিতীয় স্থানত থকা আই এম মাৰ্চেল এফ্ৰোইমস্কি (ইজৰাইল) আৰু আইএম জাং মিন চিও (চুইডেন)তকৈ প্ৰাগনানন্দহা (ইলো ২৬৪২) সম্পূৰ্ণ পইণ্টত আগবাঢ়ি আছিল । ছয় পইণ্টৰে প্ৰনীত যুটীয়াভাৱে তৃতীয় স্থানত আছিল যদিও শেষত নিম্নমানৰ টাই-ব্ৰেক স্ক'ৰৰ বাবে ষষ্ঠ স্থানতহে থাকে । প্ৰনীতক পৰাস্ত কৰাৰ উপৰি প্ৰগনানন্দাই ভিক্টৰ মিখালেভস্কি (ৰাউণ্ড 8), ভিটালি কুনিন (ৰাউণ্ড 6), মুখাম্মাদজোখিদ চুয়াৰোভ (ৰাউণ্ড 4), চেমেন মুটুচভ (ৰাউণ্ড 2) আৰু মাথিয়াছ উনেলেণ্ডৰ (ৰাউণ্ড 1) বিৰুদ্ধে জয় লাভ কৰে । তেওঁ আন তিনিখন খেল ড্ৰ’ খেলিছিল । ভাৰতীয় কিশোৰ তাৰকাজনে বৰ্তমান বহু উন্নত খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । তেওঁ চেচেবল মাষ্টাৰ অনলাইন ইভেণ্টত দ্বিতীয়বাৰৰ বাবে বিশ্বৰ এক নম্বৰ মেগনাস কাৰ্লচেনক পৰাস্ত কৰিছিল ।

প্ৰশিক্ষক আৰ বি ৰমেশে প্ৰাগনানন্দাক অভিনন্দন জনায় কয় যে এই বিজয়ে তেওঁৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব । তেওঁ শীৰ্ষ স্থানত আছিল । তেওঁ সাধাৰণতে ভাল খেলিছিল, ক'লা টুকুৰাৰে তিনিখন খেল ড্ৰ’ খেলিছিল বুলিও ৰমেশে কয়।

লগতে পঢ়ক:কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.