ETV Bharat / sports

Asian Games 2023 : আৰ্চাৰীৰ দলীয় শাখাত ভাৰতৰ পুৰুষ দলৰ স্বৰ্ণ জয় - Asian Games medal tally

আৰ্চাৰী ইভেণ্টত এটাৰ পাছত আন এটা পদক লাভ কৰিছে ভাৰতীয় খেলুৱৈয়ে । একেদিনাই মহিলা আৰু পুৰুষৰ দলে সোণৰ পদক লাভ কৰে । কোৰিয়া গণৰাজ্যক পৰাস্ত কৰি ওজাছ প্ৰবীণ দেওতালে, অভিষেক বাৰ্মা আৰু প্ৰথমেশ সমাধান জাৱাকাৰৰ স্বৰ্ণ লাভ ।

Asian Games 2023
আৰ্চাৰীৰ দলীয় শাখাত ভাৰতৰ পুৰুষ দলৰ স্বৰ্ণ জয়
author img

By ANI

Published : Oct 5, 2023, 4:50 PM IST

স্পৰ্টছ ডেস্ক,৫ অক্টোবৰ : এছিয়ান গেমছত পুনৰ ভাৰতৰ সফলতা । আৰ্চাৰী ইভেণ্টত পুনৰ ভাৰতে সোণ আঁজুৰি আনিলে । বৃহস্পতিবাৰে হাংঝৌত চলি থকা এছিয়ান গেমছত ওজাছ প্ৰবীণ দেওতালে, অভিষেক বাৰ্মা আৰু প্ৰথমেশ সমাধান জাৱাকাৰৰ পুৰুষ দলটোৱে সোণৰ পদক নিশ্চিত কৰে ৷ ২৩০-২৩৫ পইণ্টৰ ব্যৱধানত কোৰিয়া গণৰাজ্যৰ জেহুন জু, জেওন য়াং আৰু জংহো কিমক পৰাস্ত কৰি ভাৰতীয় তিনিওগৰাকী খেলুৱৈয়ে স্বৰ্ণ পদক লাভ কৰে ৷

প্ৰথম ৰাউণ্ডৰ পৰাই ভাৰতে খেলখনত আধিপত্য বিস্তাৰ কৰিছিল । প্ৰথম ছেটত ভাৰতে এক সুন্দৰ প্ৰদৰ্শন কৰে আৰু উদ্বোধনী ৰাউণ্ডত ভাৰতে ৫৫-৫৮ পইণ্টত অগ্ৰগতি লাভ কৰে । কিন্তু পাছত দ্বিতীয় ৰাউণ্ডচ কোৰিয়ান দলটো খেললৈ উভতি আহে আৰু ৫৯-৫৮ ত অগ্ৰগতি লাভ কৰে ৷ তৃতীয় ৰাউণ্ডত পুনৰ ভাৰতীয় খেলুৱৈসকলে ৫৭-৫৯ পইণ্টত অগ্ৰগতি লাভ কৰে । চূড়ান্ত আৰু অন্তিম পৰ্যায়ত ভাৰতে উন্নত প্ৰদৰ্শনেৰে ১০ পইণ্ট অৰ্জন কৰে । বৃহস্পতিবাৰৰ দিনটো ভাৰতৰ বাবে বিশেষ । কিয়নো সোণৰ পদকৰ ক্ষেত্ৰত ভাৰতৰ এয়া হেট্ৰিক । পদক লাভৰ পাছতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে এক্সৰ জৰিয়তে তিনিওগৰাকী খেলুৱৈক অভিনন্দন জনায় ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ভাৰতৰ ওজাছ প্ৰবীণ দেওতালে, অভিষেক বাৰ্মা আৰু প্ৰথমেশ সমাধান জৱাকাৰে ভূটানৰ তাণ্ডিন দৰ্জি, খেন্দ্ৰুপ আৰু ইউনটেন জামৎশোৰ বিৰুদ্ধে ২২১-২৩৫ত কোৱাৰ্টাৰ ফাইনেলত আধিপত্য বিস্তাৰ কৰে । আৰ্চাৰী ইভেণ্টৰ ছেমিফাইনেলত তিনিওগৰাকী ভাৰতীয় খেলুৱৈয়ে চীনা টাইপেইৰ চেং-ৱেই চাং, চিয়েহ-লুন চেন আৰু চেং-জুই য়াংক ২২৪-২৩৫ ব্যৱধানত পৰাস্ত কৰে ।

ইফালে ভাৰতৰ জ্যোতি সুৰেখা ভেন্নাম, অদিতি গোপীচান্দ স্বামী আৰু পৰনীত কৌৰে চীনা টাইপেইৰ য়ি-হুৱান চেন, আই-জৌ হুয়াং আৰু লু-য়ুন ৱাংক ২৩০-২২৯ত পৰাস্ত কৰি মহিলাৰ দলীয় শাখাত সোণৰ পদক অৰ্জন কৰে । আৰ্চাৰী ইভেণ্টত এই পদকৰ সৈতে ভাৰত তালিকাৰ চতুৰ্থ স্থানত আছে । ইয়াৰ ভিতৰত আছে ২১ টা সোণ, ৩১ টা ৰূপ আৰু ৩২ টা ব্ৰঞ্জৰ পদক ।

লগতে পঢ়ক :Asian Games 2023 : আৰ্চাৰীৰ দলীয় শাখাত ভাৰতৰ স্বৰ্ণ লাভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.