স্পৰ্টছ ডেস্ক,২৯ ছেপ্টেম্বৰ : এছিয়ান গেমছত অপ্ৰতিৰোধ্য হৈ আছে ভাৰতীয় শ্বুটাৰসকল । শ্বুটিং ইভেণ্টত পুনৰ ভাৰতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ শাখাত তিনি গৰাকী ভাৰতীয় ক্ৰমে ঐশ্বৰী প্ৰতাপ সিং টোমাৰ, স্বপ্নীল কুছালে আৰু অখিল শ্বেৰানে সোণৰ পদক লাভ কৰে । শুকুৰবাৰে মুঠ ১৭৬৯ স্ক'ৰৰ সৈতে খেলুৱৈসকলে ভাৰতলৈ পুনৰ সোণৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হয় ।
হাংঝৌত শ্বুটিং ইভেণ্টত এয়া ভাৰতৰ ১৫ টা পদক । এই বিজয়ে এক নতুন বিশ্ব অভিলেখ ৰচনা কৰিবলৈ সক্ষম হয় । ইয়াৰ ফলত ঐশ্বৰী আৰু স্বপ্নীলে ব্যক্তিগত চূড়ান্ত ৰাউণ্ডলৈ যাবলৈ সক্ষম হৈছে । দুয়োগৰাকীয়ে অৰ্হতা ৰাউণ্ডত এক নতুন এছিয়ান গেমছৰ অভিলেখ ৰচনা কৰে । দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে অৰ্হতা ৰাউণ্ডৰ অন্তত প্ৰথম আৰু দ্বিতীয় স্থানত উপনীত হয় ।
ঐশ্বৰীয়ে মুঠ ৫৯১ পইণ্ট সংগ্ৰহ কৰে আৰু তেওঁৰ সহযোগী স্বপ্নীলেও একে পইণ্ট সংগ্ৰহ কৰিবলৈ সক্ষম হয় । আনহাতে অখিল শ্বেৰানে ৫৮৭ পইণ্ট লাভ কৰিবলৈ সক্ষম হয় । তিনিওজনৰে একত্ৰিত পইণ্ট ১৭৬৯ হয় আৰু অতি সহজে চীনা প্ৰত্যাহ্বান অতিক্ৰম কৰি পোডিয়ামৰ শীৰ্ষত অৱস্থান কৰিবলৈ সক্ষম হয় ।
চীনা দলটো ১৭৬৩ পইণ্টৰ সৈতে ভাৰততকৈ ৬ পইণ্টত পিছ পৰি আছিল আৰু তাৰ পাছত দক্ষিণ কোৰিয়া ১৭৪৮ পইণ্টৰ সৈতে তৃতীয় স্থানত আছিল । অৰ্হতা ৰাউণ্ডত ৫৮৭ পইণ্ট লাভ কৰি অখিলে পঞ্চম স্থানত থাকে । কিন্তু গেমছৰ নিয়মাৱলীৰ বাবে ৮ টা দলৰ ফাইনেললৈ আগবাঢ়িব নোৱাৰিলে । কিয়নো প্ৰতিখন দেশৰে মাত্ৰ দুজনকৈ শ্বুটাৰেহে ব্যক্তিগত পদক ৰাউণ্ডত অংশগ্ৰহণ কৰিব পাৰে ।
হাংঝৌ এছিয়ান গেমছত ভাৰতীয় শ্বুটিং দলৰ সফলতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । দোহা এছিয়ান গেমছ ২০০৬ৰ পাছত শ্বুটিঙত এতিয়ালৈকে ভাৰতৰ এয়া সৰ্বাধিক পদক ।