ETV Bharat / sports

মই বিচাৰো শীঘ্ৰেই আৰম্ভ হওক ক্ৰীড়া কাৰ্যকলাপ : কিৰেণ ৰিজিজু - ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণ

টেবুল টেনিছ খেলুৱৈ মনিকা বাত্ৰাৰ সৈতে ইনষ্টাগ্ৰাম লাইভ শ্বেচনত দেশত ক্ৰীড়া কাৰ্যকলাপ আৰম্ভ কৰাৰ ওপৰত মন্তব্য প্ৰকাশ কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৰ ।

I want sporting activities to begin as soon as possible: Kiren Rijiju

author img

By

Published : Jun 8, 2020, 3:43 PM IST

স্পৰ্টছ ডেস্ক, 8 জুনঃ কৰ'ণা ভাইৰাছৰ ফলত দেশত এতিয়া স্তব্ধ সকলো ক্ৰীড়া কাৰ্যকলাপ । কিন্তু ইয়াৰ মাজতেই দেশত আগন্তুক কেইমাহ মান পিচত ক্ৰীড়া কাৰ্যকলাপ আৰম্ভ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ ভাৰতৰ ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৰ ।

টেবুল টেনিছ খেলুৱৈ মনিকা বাত্ৰা
টেবুল টেনিছ খেলুৱৈ মনিকা বাত্ৰা

ভাৰতীয় টেবুল টেনিছ খেলুৱৈ মনিকা বাত্ৰাৰ সৈতে হোৱা এক ইনষ্টাগ্ৰাম লাইভ চেছনত এই আশা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে কৈছে, মই বিচাৰো দেশত অতি সোনকালেই ক্ৰীড়া কাৰ্যকলাপৰ আৰম্ভণি হওক । মই আশা কৰিছো আগন্তুক কেইটামান মাহৰ পাচত সকলো সম্ভৱ হৈ উঠিব । আমি সাজু হৈ আছো কেইটামান অনুষ্ঠানক লৈ । স্পৰ্টছ ইভেণ্ট সমূহ যিমান সোনকালে আৰম্ভ কৰাৰ ক্ষেত্ৰত ভাল পৰিৱেশ তৈয়াৰৰ ক্ষেত্ৰত মোৰ অত্যাধিক সমৰ্থন আছে । এই মহামাৰীয়ে আমাৰ বাবে এটা বৃহৎ বাধাৰ সৃষ্টি কৰিছে ।

তেওঁ ইয়াৰ উপৰি কয়,মই মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিছো যাতে কেৱল শীৰ্ষ পৰ্যায়ৰ খেলুৱৈয়ে নহয় দেশৰ সকলো খেলুৱৈয়ে খেলপথাৰত প্ৰত্য়াৱৰ্তন কৰিবলৈ সক্ষম হয় । মই অতি সোনকালেই আৰম্ভ কৰাৰ চেষ্টা কৰিম । ইতিমধ্যে আমি অনুশীলন,প্ৰশিক্ষণৰ অনুমতি প্ৰদান কৰিছো । কিন্তু প্ৰতিযোগিতামূলক খেলৰ বাবে আৰু অলপ অধিক সময়ৰ প্ৰজোয়ন হ'ব ।

ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণেও ইতিমধ্যে চাৰিটা পৰ্যায়ত ক্ৰীড়াক বিভক্ত কৰি অনুশীলনৰ অনুমতি প্ৰদান কৰিছে । এই ভাগ সমূহ হৈছে চুক্তি বিহীন,মধ্য়ম চুক্তি, পূৰ্ণ-চুক্তি আৰু জলক্ৰীড়া ।

এই অনুশীলন কাৰ্যসূচীত খেলুৱৈসকলে দুই মিটাৰ সামাজিক দূৰত্ব মানি চলাৰ লগতে ক্ৰীড়া অনুশীলন কৰি থকা সময়ক বাদ দি অন্যান্য সময়ত মাস্ক পৰিধান কৰাটো বাধ্য়তামূলক ।

লগতে চাওকঃ আৰ্থিক দীনতাৰ মাজতো উজলিল জামুগুৰিহাটৰ নিলাক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.