ETV Bharat / sports

চিকিৎসকলৈ শিল দলিয়ালে মই বহু কষ্ট পাওঁ : হিমা দাস

দেশৰ 40 জন শীৰ্ষস্থানৰ ক্ৰীড়াবিদৰ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে বৈঠক ৷ কোভিড-19 আৰু লকডাউন সম্পৰ্কত এই বৈঠকত আলোচনা কৰা হয় ৷

author img

By

Published : Apr 3, 2020, 10:09 PM IST

প্ৰধানমন্ত্ৰী মোডীৰ সৈতে বৈঠক
ভাৰতীয় স্প্ৰীন্টাৰ হিমা দাস

স্পৰ্টছ ডেস্ক, 3 এপ্ৰিল : ভাৰতীয় স্প্ৰীন্টাৰ হিমা দাস আৰু ভাৰাত্তোলক মিৰাবাই চানুয়ে শুকুৰবাৰে কৰ'ণা ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত দেশবাসীক নিজ গৃহৰ ভিতৰতে থাকিবলৈ কোৱাৰ লগতে লকডাউন মানি চলিবলৈ অনুৰোধ জনাইছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কোভিড-19 আৰু লকডাউন সম্পৰ্কত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এক বৈঠকত অংশগ্ৰহণ কৰাৰ পাচতে এনেদৰে মন্তব্য কৰে ক্ৰীড়াবিদ দুগৰাকীয়ে ৷

বৈঠক সম্পৰ্কত হিমা দাসে কয়, "প্ৰথমতে, আমি সকলো খেলুৱৈয়ে প্ৰধানমন্ত্ৰী মোডীয়ে বৰ্তমানৰ পৰিস্থিতিক যিদৰে চম্ভালিছে আৰু আমাৰ সৈতে মত বিনিময় কৰিছে তাৰ বাবে ধন্যবাদ আগবঢ়াইছো ৷ কোভিড-19 ৰ বিৰুদ্ধে গ্ৰহণ কৰিবলগা ব্যৱস্থা সম্পৰ্কত প্ৰধানমন্ত্ৰী মোডীয়ে আলোচনা কৰে ৷ লকডাউনৰ সময়ছোৱাত আমাৰ দৈনিক কাৰ্যসূচী সম্পৰ্কতো তেওঁৰ সৈতে কথা পাতিলো ৷"

হিমা দাসে লগতে কয়, "লকডাউন অমান্য কৰিলে আৰু চিকিৎসক-আৰক্ষীৰ ওপৰত শিল দলিয়ালে মই দুখ পাওঁ ৷ সেয়েহে ঘৰত থাকক আৰু সামাজিক দূৰত্ব মানি চলক ৷"

হিমা দাস আৰু মিৰাবাই চানুৰ উপৰিও দেশৰ বহু শীৰ্ষ ক্ৰীড়াবিদে এই বৈঠকত অংশগ্ৰহণ কৰে ৷

প্ৰধানমন্ত্ৰী মোডীৰ সৈতে বৈঠক
ভাৰাত্তোলক মিৰাবাই চানু

এই সম্পৰ্কত চানুয়ে কয়, "লকডাউন আৰু সামাজিক দূৰত্ব মানি চলক ৷ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে আমি সকলোৱে একগোট হৈ যুঁজ কৰিব লাগিব ৷ ঘৰত থাকক আৰু পৰিয়ালৰ সৈতে সময় কটাওঁক ৷ প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনোৱা 5 এপ্ৰিলত বন্তি প্ৰজ্বলন কৰক ৷ ঘৰত থাকক আৰু সুৰক্ষিত হওঁক ৷"

উল্লেখ্য যে, এই বৈঠকত উপস্থিত থাকে দেশৰ 40 জন শীৰ্ষস্থানৰ ক্ৰীড়াবিদ ৷ এইসকলৰ ভিতৰত অন্যতম আছিল বিৰাট কোহলী, শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী, মেৰী কম, পি.টি. উষা, পুল্লেলা গোপীচান্দ, বিশ্বনাথন আনন্দ, হিমা দাস, মিৰাবাই চানু, বজৰংগ পুনিয়া, পি. ভি. সিন্ধু, ৰোহিত শৰ্মা, বীৰেন্দৰ ছেহৱাগ, যুৱৰাজ সিং, চেতেশ্বৰ পুজাৰা আদি ৷

আৰু পঢ়ক :

উত্তৰ-পূৰ্বাঞ্চলত কোভিড-19 : ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.