স্পৰ্টছ ডেস্ক,৩০ নৱেম্বৰ : এফ আই এইচ হকী মহিলা জুনিয়ৰ বিশ্বকাপ ২০২৩ত ভাৰতৰ সুন্দৰ আৰম্ভণি । প্ৰতিযোগিতাৰ উদ্বোধনী খেলতে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলে বিজয় সাব্যস্ত কৰে । কানাডাৰ বিৰুদ্ধে খেলখনত ভাৰতে ১২-০ গ'লত জয়ী হয় । ভাৰতৰ হৈ অন্নুৱে ক্ৰমে ৪ মিনিট, ৬ মিনিট আৰু ৩৯ মিনিটত ৩ টা গ'ল কৰে । একেদৰে মুমতাজ খানে ৪ টা গ'ল, দিপী মনিকাই এটা, দীপিকাই ৩ টা গ'ল আৰু নীলমে এটা গ'ল কৰে । ভাৰতে বিশ্বকাপৰ খেলখন আক্ৰমণাত্মকভাৱে আৰম্ভ কৰে আৰু কানাডাৰ ওপৰত নিৰন্তৰ চাপ সৃষ্টি কৰে ।
-
A blistering start to #TeamIndia's 🇮🇳 World Cup campaign as they beat Canada 🇨🇦 by 12 goals in their first game of FIH Hockey Women's Junior World Cup Chile 2023.#HockeyIndia #IndiaKaGame #RisingStars #JWCChile2023 pic.twitter.com/eOyaYZRRXF
— Hockey India (@TheHockeyIndia) November 29, 2023 " class="align-text-top noRightClick twitterSection" data="
">A blistering start to #TeamIndia's 🇮🇳 World Cup campaign as they beat Canada 🇨🇦 by 12 goals in their first game of FIH Hockey Women's Junior World Cup Chile 2023.#HockeyIndia #IndiaKaGame #RisingStars #JWCChile2023 pic.twitter.com/eOyaYZRRXF
— Hockey India (@TheHockeyIndia) November 29, 2023A blistering start to #TeamIndia's 🇮🇳 World Cup campaign as they beat Canada 🇨🇦 by 12 goals in their first game of FIH Hockey Women's Junior World Cup Chile 2023.#HockeyIndia #IndiaKaGame #RisingStars #JWCChile2023 pic.twitter.com/eOyaYZRRXF
— Hockey India (@TheHockeyIndia) November 29, 2023
খেলখনত প্ৰথমে দুটা গ'লৰ অগ্ৰগতি লাভ কৰাৰ পাছতো ভাৰতে আক্ৰমণাত্মক চৰিত্ৰ এৰি নিদিলে । যাৰ বাবে কানাডাৰ দলটো নিৰন্তৰ চাপত থাকে । খেলৰ প্ৰথম ১৫ মিনিটত ভাৰতে দুটা গ'ল কৰে । পাছৰ ১৫ মিনিটতো ভাৰতে দুটা গ'ল কৰে ।
ইফালে, কানাডাই পেনাল্টি কৰ্ণাৰ সুবিধা লাভ কৰিছিল যদিও তাক গ'ললৈ ৰূপান্তৰ কৰাত বিফল হয় । ইফালে তৃতীয় কোৱাৰ্টাৰত ভাৰতে একে আক্ৰমণাত্মক চৰিত্ৰ দেখুৱায় । তৃতীয় কোৱাৰ্টাৰৰ শেষলৈ ভাৰতে ৮-০ গ'লত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় ।
-
#TeamIndia 🇮🇳 are soaring in the first half as they hold four goal lead. C'mon INDIA!!#HockeyIndia #IndiaKaGame #RisingStars #JWCChile2023 pic.twitter.com/yWecxYpS2q
— Hockey India (@TheHockeyIndia) November 29, 2023 " class="align-text-top noRightClick twitterSection" data="
">#TeamIndia 🇮🇳 are soaring in the first half as they hold four goal lead. C'mon INDIA!!#HockeyIndia #IndiaKaGame #RisingStars #JWCChile2023 pic.twitter.com/yWecxYpS2q
— Hockey India (@TheHockeyIndia) November 29, 2023#TeamIndia 🇮🇳 are soaring in the first half as they hold four goal lead. C'mon INDIA!!#HockeyIndia #IndiaKaGame #RisingStars #JWCChile2023 pic.twitter.com/yWecxYpS2q
— Hockey India (@TheHockeyIndia) November 29, 2023
সমান্তৰালকৈ চতুৰ্থ কোৱাৰ্টাৰো ভাৰতৰ পক্ষত থাকে । ভাৰতে দীপিকা আৰু মুমতাজ খানৰ গ'লৰ সৈতে খেলখনত ১২-০ অগ্ৰগতি লাভ কৰে আৰু খেলখনত কানাডাৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ সক্ষম হয় । এফ আই এইচ হকী মহিলা জুনিয়ৰ বিশ্বকাপ ২০২৩ত ভাৰতে শুকুৰবাৰে দ্বিতীয়খন খেলত জাৰ্মানীৰ মুখামুখি হ'ব ।
লগতে পঢ়ক :ৰাহুল দ্ৰাবিড়ৰ মুখ্য প্ৰশিক্ষকৰ কাৰ্যকাল বৃদ্ধি বিচিচিআইৰ; সহকাৰী ষ্টাফৰো কাৰ্যকাল বৃদ্ধি