ETV Bharat / sports

Hima Das provisionally suspended by NADA : ড'পিং টেষ্টত ১২ মাহত তিনিবাৰ বিফল; হিমা দাসক অস্থায়ীভাৱে নিলম্বন

ইতিমধ্যে ৰাষ্ট্ৰীয় শিবিৰ এৰি যোৱা হিমাই সৰ্বাধিক দুবছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈছে, যিটো তেওঁৰ দোষৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি নিম্নতম এবছৰলৈ হ্ৰাস হ'ব পাৰে ।

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:45 PM IST

Hima Das provisionally suspended by NADA

স্পৰ্টছ ডেস্ক, ৫ ছেপ্টেম্বৰ : ভাৰতৰ তাৰকা স্প্ৰিণ্টাৰ হিমা দাসক ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থাই (এনএডিএ) ১২ মাহত তিনিবাৰ পৰীক্ষাত বিফলতাৰ বাবে অস্থায়ীভাৱে নিলম্বিত কৰিছে । এক সূত্ৰত এই কথা প্ৰকাশ । উল্লেখ্য যে 'ধিং এক্সপ্ৰেছ'ৰূপে খ্যাত ২৩ বছৰীয়া দৌৰবিদগৰাকীয়ে এই বছৰৰ আৰম্ভণিতে হোৱা আঘাতৰ বাবে হাংঝৌ এছিয়ান গেমছ দলৰ পৰা বাদ পৰিছে ।

ভাৰতীয় দলৰ এজন বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত পিটিআইক কয়, "হয়, তেওঁ এটা বছৰৰ ভিতৰত তিনিটা পৰীক্ষাত বিফল হয় । সেয়েহে তেওঁক এনএডিএৰ দ্বাৰা অস্থায়ীভাৱে নিলম্বিত কৰা হৈছে ।" ইতিমধ্যে ৰাষ্ট্ৰীয় শিবিৰ এৰি যোৱা হিমাই সৰ্বাধিক দুবছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈছে, যিটো তেওঁৰ দোষৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি নিম্নতম এবছৰলৈ হ্ৰাস হ'ব পাৰে ।

উল্লেখ্য যে হিমাই ২০১৮ জাকাৰ্টা এছিয়ান গেমছত ৪০০ মিটাৰ ব্যক্তিগত শিতানত ৰূপৰ পদক অৰ্জন কৰিছিল । তেওঁ জাকাৰ্টাত সোণ আৰু ৰূপবিজয়ী মহিলাৰ ৪x৪০০ মিটাৰ আৰু মিশ্ৰিত ৪x৪০০ মিটাৰ ৰিলে দলটোৰো অংশ আছিল । বিশ্ব এথলেটিকছ এণ্টি-ড'পিং (ডব্লিউএডিএ) নিয়মৰ অধীনত, ১২ মাহত তিনিটা ক্ৰমাগত বিফলতা ড'পিং-বিৰোধী নিয়ম উলংঘনত পৰে ।

অৱশ্যে হিমা দাসৰ বিফলতা সন্দৰ্ভত সঠিক তথ্য এতিয়াও জানিব পৰা হোৱা নাই । ৰেজিষ্টাৰ্ড টেষ্টিং পুলত (RTP) অন্তৰ্ভুক্ত খেলুৱৈসকলে তেওঁলোকৰ নিশাটোৰ অৱস্থান, তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ, কাম কৰা বা অন্যান্য নিয়মীয়া সূচীৰ অন্তৰ্ভুক্ত কাৰ্যকলাপ পৰিচালনা কৰা প্ৰতিটো স্থানৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰ লগতে প্ৰতিটো কাৰ্যকলাপৰ সচৰাচৰ সময়সীমা প্ৰদান কৰিব লাগে ।

আৰটিপি খেলুৱৈসকলে প্ৰতিটো দিনৰ এক চতুৰ্থাংশৰ বাবে ৬০ মিনিটৰ উইণ্ডো আৰু অৱস্থানো চিনাক্ত কৰিব লাগে, পৰীক্ষাৰ সময়ত সেইবোৰ পৰীক্ষাৰ বাবে উপলব্ধ হ'ব লাগিব । ইয়াৰ বাধ্যবাধকতা পালন কৰাত বিফল হ'লেও পৰীক্ষাত বিফল হ'ব ।

উল্লেখ্য যে পিঠিৰ তলফালৰ সমস্যাই হিমা দাসক বিগত কেইবা বছৰ ধৰি কষ্ট দি আহিছে । ভাৰতীয় এথলেটিকছৰ মুখ্য প্ৰশিক্ষক ৰাধাকৃষ্ণণ নায়াৰে পূৰ্বতেই কৈছিল যে হিমাই এপ্ৰিলত বেংগালুৰুত গ্ৰেণ্ড প্ৰিক্স ইভেণ্টৰ ঠিক আগতে হেমষ্ট্ৰিঙৰ আঘাতত ভুগিছিল আৰু তেওঁ 'স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা'ত আছে ।

সেইকাৰণে হিমাই মে' মাহত ৰাঁচীত অনুষ্ঠিত ফেডাৰেচন কাপ আৰু জুনত ভূৱনেশ্বৰত অনুষ্ঠিত এছিয়ান গেমছৰ চূড়ান্ত বাছনি প্ৰতিযোগিতা ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপ ত পৰাজিত হৈছিল । যোৱা মাহত ৰেচ ৱাকাৰ ভৱানা জাটে তিনিটা বিফলতাৰ পিছত হাংগেৰীত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পৰা আঁতৰি আহিছিল । তেওঁক এনএডিএয়ে অস্থায়ীভাৱে নিলম্বিত কৰিছিল ।

ইয়াৰ পূৰ্বে টকিঅ' অলিম্পিয়ান আৰু ২০২১ এছিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী মল্লযোদ্ধা সীমা বিছলাক এনএডিএৰ এণ্টি-ড'পিং ডিচিপ্লিনেৰী পেনেলে (এডিডিপি) এবছৰৰ নিষেধাজ্ঞা প্ৰদান কৰিছিল । জুলাই মাহত এনএডিএয়ে একাধিক বিশ্ব চেম্পিয়নশ্বিপ পদক বিজয়ী আৰু এছিয়ান চেম্পিয়নশ্বিপৰ স্বৰ্ণ বিজয়ী বিনেশ ফোগাটৰ ওপৰতো ১২ মাহত প্ৰথমবাৰৰ বাবে বিফলতাৰ বাবে জাননী জাৰি কৰিছিল ।

লগতে পঢ়ক :Colombo heavy rains: হাম্বানটোটালৈ এছিয়া কাপৰ পৰৱৰ্তী খেলসমূহ স্থানান্তৰৰ সম্ভাৱনা আছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.