নগাঁও, 21 জানুৱাৰীঃ পুনৰ অসমবাসীৰ মন জিনিলে ধিং এক্সপ্ৰেছ হিমা দাসে ৷ পদক লাভৰে নহয় এই মহানুভৱতাৰ পৰিচয় দাঙি ধৰি অসমবাসীৰ মন জিনিলে হিমাই ৷ শেহতীয়াকৈ চনী টিভিৰ জনপ্ৰিয় অনুষ্ঠান ‘‘কৌন বনেগা কৰৰপতিত’’ অংশগ্ৰহণ কৰিছিল খেলুৱৈগৰাকীয়ে ৷ সেই অনুষ্ঠানতেই অমিতাভ বচ্চনৰ হাতৰ পৰা 12 লাখ 50 হাজাৰ টকাৰ চেক যুটীয়াভাৱে লাভ কৰিছিল দুতি চান্দ আৰু হিমা দাসে । হিমা, দুতিৰ লগতে এই অনুষ্ঠানটোত উপস্থিত আছিল প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ ।
এতিয়া সেই অনুষ্ঠানতে লাভ কৰা নিজৰ 6 লাখ 25 হাজাৰ টকাৰ চেক ফেন ক্লাৱৰ সমূহ সদস্যক অৰ্পণ কৰে হিমাই ৷ শনিবাৰে এই বৃহৎ পৰিমাণৰ চেকখন ডাকযোগে হিমা দাস ফেন ক্লাৱৰ হাতত পৰাত উৎফুল্লিত হৈ পৰে ফেন ক্লাৱৰ সদস্যসকল ।
উল্লেখ্য যে, নতুন প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰৰ লগতে সামাজিক কৰ্মত আগুৱাই নিবলৈ এই ধনৰাশি ব্যয় কৰিবলৈ হিমা দাস ফেন ক্লাৱক ফোনযোগে অনুৰোধ জনায় হিমাই ৷
হিমাৰ এনে মহানুভৱতাৰ বিষয়ে এতিয়া ৰাজ্যবাসীয়ে শলাগ লৈছে । আনহাতে, হিমাৰ যি আশা তাক পূৰ্ণাংগ ৰূপ দিয়াৰ চেষ্টা চলাই যাব বুলি কয় হিমা ফেন ক্লাৱৰ সভাপতি বিদ্যুৎ হাজৰিকাই ।