স্পৰ্টছ ডেস্ক, 18 আগষ্ট : অব্যাহত আছে ধিং এক্সপ্ৰেছ হিমা দাসৰ স্বৰ্ণ জয়ৰ দৌৰ ৷ শনিবাৰে চেক গণৰাজ্যত অনুষ্ঠিত হোৱা এথলেটিকী মিটিংক ৰেইটাৰ -2019 ৰ 300 মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰিছে ভাৰতীয় স্প্ৰীন্টাৰ গৰাকীয়ে ৷ দুমাহৰ ভিতৰত হিমাৰ এইয়া ষষ্ঠটো স্বৰ্ণ জয় ৷
হিমাই এই স্বৰ্ণ জয়ৰ কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে ৷ উল্লেখ্য যে, হিমাৰ এই স্বৰ্ণ জয়ৰ দৌৰ চলিত বৰ্ষৰ 2 জুলাই তাৰিখে আৰম্ভ হৈছিল ৷