স্পৰ্টছ ডেস্ক,৩০ ডিচেম্বৰ : অহা ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ ৰাঁচীত অনুষ্ঠিত হ'ব এফআইএইচ হকী অলিম্পিক কোৱালিফায়াৰ । তাৰ পূৰ্বে শনিবাৰে হকী ইণ্ডিয়াই ১৮ জনীয়া ভাৰতীয় মহিলা হকী দলৰ নাম ঘোষণা কৰিছে ।
দলটোৱে প্ৰতিযোগিতাৰ শীৰ্ষ তিনিটা দলৰ ভিতৰত থকাৰ লক্ষ্যৰে ৰাঁচীত খেলপথাৰত অৱতীৰ্ণ হ'ব আৰু পেৰিছ ২০২৪ অলিম্পিকৰ বাবে অৰ্হতা নিশ্চিত কৰিব । ভাৰতক নিউজীলেণ্ড, ইটালী আৰু আমেৰিকাৰ সৈতে পুল বি-ত ৰখা হৈছে । ইফালে, জাৰ্মানী, জাপান, চিলি আৰু চেক গণৰাজ্যই পুল এ-ত খেলিব ।
ভাৰতে ১৩ জানুৱাৰীত আমেৰিকাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব । তাৰ পিচত ১৪ জানুৱাৰীত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতে আন এখন মেচ খেলিব । ১৬ জানুৱাৰীত ভাৰতীয় দলটোৱে পুল বিৰ অন্তিম মেচত ইটালীৰ বিৰুদ্ধে খেলিব । এফআইএইচ হকী অলিম্পিক কোৱালিফায়াৰ ৰাঁচী ২০২৪-ৰ বাবে ভাৰতীয় মহিলা হকী দলত গ'লকীপাৰ হিচাপে থাকিব সবিতা আৰু বিচু দেৱী খাৰিবাম । ইফালে, নিকি প্ৰধান, উদিতা, ঈশিকা চৌধুৰী আৰু মনিকাক দলত ডিফেণ্ডাৰ হিচাপে ৰখা হৈছে ।
একেদৰে নিশা, বৈষ্ণৱী বিত্তাল ফালকে, নেহা, নৱনীত কৌৰ, চেলিমা টেটে, চনিকা, জ্যোতি আৰু বিউটি ডুংডুঙে মিডফিল্ডত নিজৰ দায়িত্ব পালন কৰিব । লালৰেমচিয়ামী, সঙ্গীতা কুমাৰী, দীপিকা আৰু বন্দনা কাটাৰিয়াই ফৰৱাৰ্ড হিচাপে দলক নেতৃত্ব দিব ।
অভিজ্ঞ ভাৰতীয় গ'লকীপাৰ সবিতাই পুনৰ এবাৰ দলটোৰ নেতৃত্ব দিব । ইফালে, অভিজ্ঞ ফৰৱাৰ্ড বন্দনা কাটাৰিয়াক মূল প্ৰতিযোগিতাখনৰ বাবে উপ-অধিনায়ক হিচাপে মনোনীত কৰা হৈছে ।
দলৰ নিৰ্বাচন সন্দৰ্ভত ভাৰতীয় মহিলা হকী দলৰ মুখ্য প্ৰশিক্ষক জান্নেক শ্বাপমেনে কয় যে এফআইএইচ হকী অলিম্পিক কোৱালিফায়াৰ ৰাঁচী ২০২৪ ভাৰতীয় দলৰ বাবে পেৰিছ ২০২৪ অলিম্পিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা । যাৰ বাবে দলৰ সকলো খেলুৱৈয়ে অৰ্হতা নিশ্চিত কৰিবলৈ কাম কৰি আছে । মুখ্য প্ৰশিক্ষকগৰাকীয়ে দলৰ পূৰ্বৰ সফলতাৰ কথা উল্লেখ কৰি অধিনায়ক সবিতা আৰু উপ-অধিনায়ক বন্দনা কাটাৰিয়াৰ প্ৰশংসা কৰে ।
লগতে পঢ়ক :ক্ৰীড়া মন্ত্ৰালয়ক অলিম্পিকৰ প্ৰস্তুতি আৰম্ভ কৰাৰ আহ্বান বজৰং পুনিয়াৰ