ETV Bharat / sports

গোলাঘাটত অষ্টম উজনি অসম আন্তঃজিলা কাৰাটে প্ৰতিযোগিতা - ইউনাইটেড কাৰাটে ড’ এচ’ছিয়েশ্বন

গোলাঘাট জিলা ইউনাইটেড কাৰাটে ড’ এচ’ছিয়েশ্বনৰ উদ্যোগত গোলাঘাট জিলা স্পৰ্টছ কাৰাটে ড’ এচ’ছিয়েশ্বনৰ সহযোগত অনুষ্ঠিত কৰা হৈছে অষ্টম উজনি অসম আন্তঃজিলা প্ৰতিযোগিতা ৷

গোলাঘাটত অষ্টম উজনি অসম আন্তঃজিলা কাৰাটে প্ৰতিযোগিতা
author img

By

Published : Sep 29, 2019, 10:21 PM IST

গোলাঘাট, 29 ছেপ্টেম্বৰঃ গোলাঘাটত অনুষ্ঠিত হৈছে অষ্টম উজনি অসম আন্তঃজিলা কাৰাটে প্ৰতিযোগিতা ৷ গোলাঘাট জিলা ইউনাইটেড কাৰাটে ড’ এচ’ছিয়েশ্বনৰ উদ্যোগত গোলাঘাট জিলা স্পৰ্টছ কাৰাটে ড’ এচ’ছিয়েশ্বনৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাৰ ৷ ছাত্ৰ-ছাত্ৰী সকলৰ শাৰীৰিক গঠন আৰু মানসিক উৎকৰ্ষ সাধন কৰাৰ লগতে এই খেলৰ জৰিয়তে বিশ্বত নিজকে প্ৰতিষ্ঠা কৰাৰ এক উত্তম মাধ্যম হৈছে কাৰাটে । এই উদ্দেশ্য আগত ৰাখিয়ে গোলাঘাটত কণ-কণ কিশোৰ কিশোৰীৰ মাজত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতা ।

অষ্টম উজনি অসম আন্তঃজিলা কাৰাটে প্ৰতিযোগিতা

এই অষ্টম উজনি অসম আন্তঃজিলা প্ৰতিযোগিতাখনৰ আনুষ্ঠানিকভাৱে মুকলি কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই । উজনি অসমৰ ছখন জিলাৰ মুঠ ৩৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত ।

গোলাঘাটৰ প্ৰবীন কুমাৰ গগৈ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত জয়ী হোৱা প্ৰতিযোগীসকলক ৰাজ্যিক কাৰাটে প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হ’ব । অহা ২ আৰু ৩ নৱেম্বৰত ডিফুত অনুষ্ঠিত হ’ব ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা । এই অনুষ্ঠানত বিধায়ক মৃণাল শইকীয়াৰ লগতে গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰিকা, কাৰাটে এচ’ছিয়েশ্বনৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়া, সাংবাদিক অমিত নাগৰি আদি বিশিষ্ট অতিথিয়ে অংশ লয় ।

Intro:কাৰাটে এক ক্ৰীড়া , এই খেলৰ জৰিয়তে ছাত্র ছাত্ৰী সকলে শাৰীৰিক গঠন আৰু মানসিক উৎকৰ্ষ সাধন কৰাৰ লগতে এই খেলৰ জৰিয়তে বিশ্বত নিজকে প্ৰতিষ্ঠা কৰিব পৰাৰ এক মাধ্যম । সেয়ে গোলাঘাটত কণ কণ কিশোৰ কিশোৰীৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । গোলাঘাট জিলা ইউনাইটেড কাৰাটে ডো এচোছিয়েছনৰ উদ্যোগত আৰু গোলাঘাট জিলা স্পৰ্টচ কাৰাটে ডো এচোছিয়েছনৰ সহযোগত অষ্টম উজনি অসম আন্তঃজিলা প্ৰতিযোগিতা অনুস্থিত কৰা হয় । এই প্ৰতিযোগিতা খনি আনুস্থানিকভাৱে মুকলি কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই । উজনি অসমৰ ছখন জিলাৰ মুঠ ৩৫০ গৰাকী খেলুৱৈয়ে অংশ লয় এই প্ৰতিযোগিতাত । গোলাঘাটৰ প্ৰবীন কুমাৰ গগৈ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশ লৈ জয়ী হোৱা সকলক ৰাজ্যিক প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হব । অহা ২ আৰু ৩ নবেম্বৰত ডিফুত অনুষ্ঠিত হব লগীয়া ৰাজ্যিক প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হব উজনি অসমৰ এই সকল প্ৰতিযোগী । এই উপলক্ষে অনুস্থিত এক অনুষ্ঠানত বিধায়ক মৃণাল শইকীয়াৰ লগতে গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰিকা, কাৰাটে এচোছিয়েছনৰ ৰাজ্যিক পৰ্যায়ৰ বিষয় ববীয়া ,সাংবাদিক অমিত নাগৰি আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশ লয় ।
Body:Byte_1_মৃণাল শইকীয়া
Byte_2_উদ্যোক্তাConclusion:গোলাঘাট পৰা চামিম আলি etv bharat ,অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.