ETV Bharat / sports

২০২৮ অলিম্পিকৰ শীৰ্ষ দহত উপনীত হোৱাৰ লক্ষ্য অসম্ভৱ নহয় : কিৰেণ ৰিজিজু

author img

By

Published : Apr 30, 2020, 1:57 PM IST

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ দ্বাৰা আয়োজিত অনলাইন জ্ঞান বৃদ্ধি আহৰণৰ কৰ্মশালাত টেনিছ প্ৰশিক্ষকৰ সৈতে হোৱা বাৰ্তালাপত ২০২৮ অলিম্পিকৰ শীৰ্ষ দহত উপনীত হোৱাৰ ভাৰতৰ যি লক্ষ্য সেইয়া অসম্ভৱ নহয় বুলি কয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে ।

Goal to have India in top 10 at 2028 Olympics not impossible: Kiren Rijiju

স্পৰ্টছ ডেস্ক, ৩০ এপ্ৰিলঃ আগন্তুক ২০২৮ অলম্পিকত পদক তালিকাৰ শীৰ্ষ দহখন দেশৰ ভিতৰত উপনীত হোৱাৰ এক উচ্চাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰতে । যাৰ বাবে ইতিমধ্যে চৰকাৰে প্ৰতিষ্ঠিত চাৰিবৰ্ষীয় খেলৰ বাবে প্ৰতিভা বিচাৰি উলিওৱাৰ এক পৰিকল্পনাই হাতত লৈছে বুলি বুধবাৰে এক অনুষ্ঠানত উল্লেখ কৰে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে ।

তেওঁ লগতে কয়, চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱ প্ৰতিভা বিচাৰি উলিয়াবলৈ অভিজ্ঞ খেলুৱৈ, বৰ্তমানৰ আৰু অৱসৰ প্ৰাপ্ত প্ৰশিক্ষকৰ সৈতে বিশেষ প্ৰতিভা স্কাউটিং স্কোৱাড গঠন কৰিব বুলি উল্লেখ কৰে ।

ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে কয়, আমাৰ লক্ষ্য় হৈছে ২০২৮ ৰ অলিম্পিকৰ পদক তালিকাৰ শীৰ্ষ দহটা স্থানত ভাৰতক সন্নিৱিষ্ট কৰা আৰু এইয়া আমাৰ উচ্চাকাংক্ষী লক্ষ্য,যিটো অসম্ভৱ নহয় ।

২০২৮ অলিম্পিক
২০২৮ অলিম্পিক

ইতিমধ্যে স্কাউটিং স্কোৱাডৰ ওপৰত কাম কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, কৰ'ণা ভাইৰাছৰ মহামাৰী সংকট নিৰ্মূল হোৱাৰ পাচৰে পৰা গঠিত দল সমূহে বিভিন্ন জিলা সমূহত প্ৰতিভা বিচৰাত নিয়োজিত হৈ পৰিব । আমাৰ হাতত এতিয়াও ২০২৮ অলিম্পিকৰ বাবে সাজু কৰি তুলিবলৈ ৮ বছৰৰ সময় আছে ।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ দ্বাৰা আয়োজিত অনলাইন জ্ঞান বৃদ্ধি কৰ্মশালাত টেবুল টেনিছ প্ৰশিক্ষকৰ সৈতে বাৰ্তালাপত এই কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । য'ত ভাৰতৰ টেবুল টেনিছ খেলুৱৈ কমলেছ মেহতা, টেবুল টেনিছ ফেডাৰেচনৰ সচিব এম পি সিং, আৰু ইটালীৰ পৰা টেবুল টেনিছ প্ৰশিক্ষক মেছ্ছিম' কন্ছটানটিনি উপস্থিত থাকে । মেছ্ছিম' ভাৰতৰ টেবুল টেনিছ ৰাষ্ট্ৰীয় দলৰ ২০১৮ কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত প্ৰশিক্ষক আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.