স্পৰ্টছ ডেস্ক, ১৭ জুলাই : টকিঅ' অলিম্পিক(Tokyo Olympics)ৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠাৰ সময়তে গেমছ ভিলেজত পোহৰলৈ আহিছে ক'ভিড-১৯ৰ সংক্ৰমণৰ ঘটনা । বহু প্ৰতীক্ষিত টকিঅ' অলিম্পিকলৈ মাজত মাথোঁ ৬ দিন বাকী আছে । সকলো খেলুৱৈয়ে আটাইতকৈ ভাল প্ৰদৰ্শনৰ বাবে নিজকে সাজু কৰিছে । সাজু হৈছে আয়োজক সমিতিয়ো ।
এনে সময়তে টকিঅ' অলিম্পিকৰ এথলীট ভিলেজ (Athletes' village)ত এজন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । এন এইচ কে ৱৰ্ল্ডে জনোৱা মতে, টকিঅ' অলিম্পিক আৰু পেৰালিম্পিক আয়োজক সমিতিয়ে প্ৰকাশ কৰিছে যে, সংক্ৰমিত ব্যক্তিজন বিদেশী নাগৰিক আৰু তেওঁ এগৰাকী এথলীট । আনহাতে, টকিঅ' অলিম্পিক ২০২০ৰে জড়িত প্ৰতিগৰাকী ব্যক্তি, খেলুৱৈৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে স্বাস্থ্য ব্যৱস্থাত কেইবাটাও পৰিৱৰ্তনৰ অনা হৈছে ।
অলিম্পিক গেমছৰ অন্যান্য দিশৰ লগতে অলিম্পিক পদক প্ৰদানৰ বিজয় সমাৰোহ সকলো অংশগ্ৰহণকাৰীৰ বাবে সুৰক্ষিত কৰা আৰু সুৰক্ষিতভাৱে খেল নিশ্চিত কৰাৰ বাবে প্ৰস্তুত কৰাৰ বাবে ক'ভিড-১৯ প্ৰতিৰোধী পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি এক আনুষ্ঠানিক বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে আইঅ'চিয়ে ।
জুন মাহত প্ৰকাশিত প্লেবুকৰ তৃতীয় সংস্কৰণত উল্লেখ কৰা হৈছে যে, প্ৰতিযোগিতা অনুষ্ঠিত হোৱা স্থানবোৰত, পদক বিতৰণৰ সময়ত আৰু বিজয় সমাৰোহত খেলুৱৈ আৰু পদক প্ৰদানকাৰীসকলে মাস্ক পৰিধান কৰিব লাগিব । বিজ্ঞপ্তি উল্লেখ থকা নতুন নিৰ্দেশনা অনুসৰি, খেলুৱৈ, উপস্থাপক আৰু স্বেচ্ছাসেৱকসকলে সকলো সময়তে মাস্ক পৰিধান কৰিব লাগিব । সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে সোণ আৰু ৰূপৰ পদক বিজয়ী আৰু সোণ আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলৰ মাজত অতিৰিক্ত পডিয়ামৰ ব্যৱস্থা কৰা হ'ব ।
সকলো পদক প্ৰদানকাৰীৰ টীকাকৰণ সম্পন্ন কৰা হ'ব আৰু প্ৰতিটো অনুষ্ঠানত আইঅ'চিৰ কেৱল এজন সদস্য আৰু এজন আন্তৰ্জাতিক ফেডাৰেচনৰ প্ৰতিনিধি থাকিব । উপস্থাপকসকলে খেলপথাৰত বিজয়ী খেলুৱৈসকলৰ বাবে অপেক্ষা কৰিব লাগিব । তেওঁলোকে খেলুৱৈসকলৰ সৈতে বিজয়ৰ উল্লাসত কৰা যাত্ৰাত অংশ ল'ব নোৱাৰিব । পদক আৰু উপহাৰ থকা ট্ৰেবোৰ এখন মেজ অথবা ষ্টেণ্ডত ৰখা হ'ব ।
উপস্থাপকসকলে মেজ অথবা ষ্টেণ্ডৰ পৰা ট্ৰেবোৰ হাতত তুলি ল'ব আৰু ট্ৰেবোৰ পদক বিজয়ীসকলৰ ওচৰলৈ লৈ যাব । খেলুৱৈসকলে ট্ৰেবোৰৰ পৰা পদক আৰু উপহাৰ ল'ব । খেলুৱৈসকলে অনুষ্ঠানৰ সময়ছোৱাত তেওঁলোকৰ নিজৰ পডিয়াম মডিউলতে থাকিব ।
সোণৰ পদক গ্ৰহণ কৰাৰ সময়তো পূৰ্বৰ দৰে কোনো গ্ৰুপ ফটো লোৱা নহ'ব । খেলুৱৈ, পদক উপস্থাপক আৰু স্বেচ্ছাসেৱকসকলক অনুষ্ঠানৰ পূৰ্বেই তেওঁলোকে পালন কৰিবলগীয়া নিৰ্দেশনাবোৰৰ বিষয়ে স্পষ্ট আৰু পুংখানুপুংখভাৱে অৱগত কৰা হ'ব । মুঠতে মহামাৰীৰ সংক্ৰমণৰ ৰোধৰ বাবে যাৱতীয় সকলো ব্যৱস্থা কৰি টকিঅ' অলিম্পিক অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে আয়োজকসকল ।
লগতে পঢ়ক:অসম চিকিৎসা মহাবিদ্যালয়লৈ যুৱৰাজ সিঙৰ 100 খন অত্যাধুনিক ICU বিছনা