ETV Bharat / sports

ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অৰ্জুন বঁটাৰ অধিকাৰী হ'ল সঞ্জিতা চানু - ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অৰ্জুন বঁটাৰ অধিকাৰী হ'ল সঞ্জিতা চানু

দিল্লী ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মেই 2018 বৰ্ষৰ অৰ্জুন বঁটাৰ অধিকাৰী হ'ল ড'পিং টেষ্টত নাম সাঙোৰ খোৱা ভাৰোত্তলক সঞ্জিতা চানু । ক্ৰীড়া মন্ত্ৰণালয়ৰ এক সূত্ৰই সদৰি কৰিছে এই কথা ।

Dope cleared Sanjita Chanu to finally get Arjuna award for 2018

author img

By

Published : Jun 25, 2020, 5:30 PM IST

স্পৰ্টছ ডেস্ক, 25 জুনঃ ড'পিং টেষ্টৰ অভিযোগৰ পৰা মুক্তি লাভ কৰা দুইবাৰৰ কমনৱেলথ গেমছৰ স্বৰ্ণ বিজয়ী ভাৰোত্তলক খেলুৱৈ সঞ্জিতা চানুৰ 2018 বৰ্ষৰ অৰ্জুন বঁটা পুৰস্কাৰ নিশ্চিত ।

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মেই 2018 বৰ্ষৰ অৰ্জুন বঁটা লাভৰ কথা নিশ্চিত কৰে ক্ৰীড়া মন্ত্ৰণালয়ৰ এক বিশেষ সূত্ৰই ।

2017 চনত অৰ্জুন পুৰস্কাৰৰ বাবে তেওঁক উপেক্ষা কৰাৰ পাচতেই খেলুৱৈগৰাকীয়ে এই সন্মানৰ বাবে প্ৰস্তাৱিত তালিকাৰ পৰা তেওঁৰ নাম বাদ দিয়াৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । শেহতীয়াকৈ এই আবেদন সন্দকৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে খেলুৱৈগৰাকীৰ পক্ষত শুনানি গ্ৰহণ কৰিছে ।

ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অৰ্জুন বঁটাৰ অধিকাৰী হ'ল সঞ্জিতা চানু

উল্লেখ্য যে, 2018 বৰ্ষত ড'পিং টেষ্টৰ অভিযোগত তেওঁৰ নাম সাঙোৰ খাইছিল যদিও চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তলন ফেডাৰেচনে চানুৰ ওপৰত থকা অভিযোগ প্ৰত্যাহাৰ কৰে । চানুৰ বিৰুদ্ধে নমুনা পৰিচালনাৰ ক্ষেত্ৰত "অ-সম্পূৰ্ণতা" থকাৰ বাবেই ডপিং গোচৰ বাতিল কৰা হৈছিল ।

ইয়াৰ পাচতেই কমনৱেলথ স্বৰ্ণ পদক জয়ী খেলুৱৈগৰাকীয়ে ইয়াৰ বাবে IWF ক ক্ষমা খোজাৰ দাবী তোলাৰ লগতে মানসিক হাৰাশাস্তি প্ৰদানৰ বাবে ক্ষতিপূৰণৰো দাবী উত্থাপন কৰিছিল । আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তলন সন্থাই বিশ্ব ড'পিং বিৰোধী সংস্থা চমুকৈ WADA ৰ নিৰ্দেশ মৰ্মেই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

ভাৰতীয় ভাৰোত্তলন ফেডাৰেচনেও চানুৰ অৰ্জুন বঁটা পুৰস্কাৰৰ লাভৰ কথা নিশ্চিত কৰিছে । 26 বছৰীয়া খেলুৱৈগৰাকীয়ে 2014 আৰু 2018 কমনৱেলথ গেমছত একেৰাহে 48 কেজি আৰু 53 কেজি শাখত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.