স্পৰ্টছ ডেস্ক,৮ মে' : ব্ৰাজিলত চলি থকা বধিৰ অলিম্পিক ২০২১ত (Brazil Deaflympics 2021) ভাৰতীয় খেলুৱৈৰ উন্নত প্ৰদৰ্শন অব্যাহত আছে । এইবাৰ শ্বুটিঙত ভাৰতৰ আন এটা সোণৰ পদক । ২৪ সংখ্যক বধিৰ অলিম্পিকৰ পঞ্চম দিনা পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল প্ৰতিযোগিতাত ভাৰতৰ ১৫ বছৰীয়া অভিনৱ দেশৱালে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় (Abhinav Deshwal wins gold in Deaflympics 2021)। অভিনৱে সোণৰ পদক অৰ্জন কৰাৰ লগে লগে খেলুৱৈগৰাকীৰ জন্মস্থান ৰুৰকীত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে ।
উল্লেখ্য যে ফাইনেলত ৰূপৰ পদক অৰ্জন কৰা ইউক্ৰেইনৰ খেলুৱৈ অলেক্সি লাজেবনিকৰ সৈতে এক ৰোমাঞ্চকৰ প্ৰতিযোগিতা দেখিবলৈ পোৱা গৈছিল । ২৪ শ্বটৰ ফাইনেলৰ শেষত দুয়োগৰাকী খেলুৱৈ লাভ কৰিছিল ২৩৪.২ পইণ্ট । কিন্তু অন্তিম শ্বটত অভিনৱে নিজৰ শক্তিশালী প্ৰদৰ্শনৰ জৰিয়তে ১০.৩ পইণ্ট লাভ কৰিবলৈ সক্ষম হয় । আনহাতে ইউক্ৰেইনৰ খেলুৱৈগৰাকীয়ে ৯.৭ পইণ্টহে লাভ কৰে । ইফালে চীনৰ হচু মিং-জুইয়ে ব্ৰঞ্জৰ পদক লাভ কৰে ।
উল্লেখ্য যে অভিনৱে ৬০ শ্বটৰ অৰ্হতা ৰাউণ্ডত ৬০০ ৰ ভিতৰত ৫৭৫ পইণ্টৰ সৈতে দ্বিতীয় স্থান লাভ কৰাৰ পিছত শীৰ্ষ আঠটা চূড়ান্ত ৰাউণ্ডত প্ৰৱেশ কৰে । তেওঁ এই তালিকাতো কিম কিহিয়নৰ সৈতে সমান পইণ্টত থাকিবলৈ সক্ষম হয় । প্ৰতিযোগিতাত দ্বিতীয় ভাৰতীয় শুভম বশিষ্টেও ফাইনেলত প্ৰৱেশ কৰি ৫৬৩ পইণ্টৰ সৈতে ষষ্ঠ স্থান দখল কৰে । অৱশ্যে ফাইনেলতো শুভমে ষষ্ঠ স্থানতে থাকিবলগীয়া হয় ।
ফাইনেল খেলখন অভিনৱৰ বাবে ইমান সহজ নাছিল । কিয়নো তেওঁ প্ৰথম পাঁচ শ্বটৰ পাছত লাহে লাহে পঞ্চম স্থানলৈ অৱনমিত হৈছিল । পৰৱৰ্তী ১০ শ্বটৰ পাছত চতুৰ্থ স্থানলৈ পুনৰ আগবাঢ়ি আহে । লগে লগে অভিনৱৰ খেলত কিছু পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিলে । অৱশেষত উন্নত প্ৰদৰ্শনৰ জৰিয়তে তেওঁ শীৰ্ষ স্থান লাভ কৰাৰ লগতে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।
ভাৰতে এতিয়ালৈ বধিৰ অলিম্পিকৰ শ্বুটিং প্ৰতিযোগিতাত চাৰিটা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । ধনুষ শ্ৰীকান্তে পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণ জয় কৰিছে আনহাতে শৌৰ্য চাইনীয়ে একেটা ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে । ইয়াৰ পাছত বৃহস্পতিবাৰে বেদিকা শৰ্মাই মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰে ।
উল্লেখ্য যে ব্ৰাজিলৰ বধিৰ অলিম্পিকত ভাৰতে সৰ্বমুঠ ৬৫ গৰাকী খেলুৱৈ প্ৰেৰণ কৰিছে (India sends 65 athletes to Deaflympics 2021)। ইয়াৰে ১০ গৰাকী শ্বুটাৰ । ভাৰতে ১১ টা ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব ।
লগতে পঢ়ক :ইণ্ডো নেপাল আন্তঃৰাষ্ট্ৰীয় গেমছলৈ অসমৰ পৰশজ্যোতি দাস