স্পৰ্টছ ডেস্ক, 1 ডিচেম্বৰ : দুবাৰৰ অলিম্পিক পদকজয়ী মল্লযুঁজাৰু সুশীল কুমাৰে কয় যে, অহা বছৰৰ টকিঅ' অলিম্পিকৰ পূৰ্বে কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক অত্যাৱশ্যকীয় ৷ ক'ভিড-19 ৰ ফলত খেলুৱৈসকলে প্ৰশিক্ষণ গ্ৰহণত সমস্যাৰ লগতে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগা হৈছে বুলিও মন্তব্য কৰে সুশীল কুমাৰে ৷
তেওঁ কয়, "আমি অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছো আৰু মই ভাবো যে, অলিম্পিকৰ দিন কাষ চাপি অহাৰ লগে লগে ক'ভিড-19 ৰ প্ৰতিষেধক অত্যাৱশ্যকীয় হৈ পৰিছে ৷ মোৰ বহুকেইজন সতীৰ্থ কৰ'ণাত আক্ৰান্ত হৈছে আৰু এয়া খেলুৱৈসকলৰ বাবে অতি কঠিন সময় ৷ যেতিয়া এথলীটসকলে প্ৰশিক্ষণ আৰম্ভ কৰে তেতিয়া তেওঁলোকৰ কৰ'ণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় সেয়েহে প্ৰতিষেধকৰ বহু প্ৰয়োজন আছে ৷"
মল্লযুঁজাৰুগৰাকীয়ে লগতে কয় যে, এথলীটসকলে প্ৰশিক্ষণ আৰম্ভ কৰিছে আৰু পূৰ্বৰ ফৰ্মলৈ ঘূৰি অহাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু এই সময়তে কৰ'ণাত আক্ৰান্ত হ'লে পুনৰবাৰ প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগিব ৷
সুশীলে কয়, "মই নাগৰিক আৰু এথলীটসকলক সকলো ক'ভিডৰ নিয়মাৱলী অনুসৰণ কৰিবলৈ আহ্বান জনাইছো আৰু যিহেতু অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছে সেয়েহে নিজৰ স্বাস্থ্যৰ যত্ন লওঁক ৷"
সুশীলে পুনৰ কয়, "সংশয়ৰ কাৰণ আছে ৷ আমাৰ শিবিৰে যিকোনো স্থানলৈ ভ্ৰমণ কৰিলেই সকলো সাৱধানতা অৱলম্বন কৰো যদিও নিজৰ যত্ন নিজেই লোৱা উচিত আৰু প্ৰতিষেধকৰ বাবে অপেক্ষা কৰা উচিত ৷"
লগতে পঢ়ক : ক'ভিড-19 ত আক্ৰান্ত ফৰ্মূলা-1 ড্ৰাইভাৰ লিৱিছ হেমিল্টন