ETV Bharat / sports

'FIDE অনলাইন দবা অলিম্পিয়াড' বিজয়ী ভাৰতীয় দলক অভিনন্দন 'বিগ বি'ৰ - বিজয়ী ভাৰতীয় দল

'FIDE অনলাইন দবা অলিম্পিয়াড' বিজয়ী ভাৰতীয় দললৈ অভিনন্দন মেগাষ্টাৰ অমিতাভ বচ্চনৰ। টুইটযোগে অভিনন্দন জ্ঞাপন কৰিলে 'বিগ বি'য়ে।

'FIDE অনলাইন দবা অলিম্পিয়াড' বিজয়ী ভাৰতীয় দলক অভিনন্দন 'বিগ বি'ৰ

author img

By

Published : Aug 31, 2020, 6:18 PM IST

চিটাৰা ডেস্ক,৩১আগষ্ট: বিজয়ীৰ খিতাপ দখলেৰে 'FIDE অনলাইন দবা অলিম্পিয়াড ২০২০'ত উজ্বলিল ৰাছিয়া-ভাৰত। ভাৰতীয় দলক অভিনন্দন জ্ঞাপন কৰিলে 'বিগ বি' অমিতাভ বচ্চনে। সোমবাৰে দলটোৰ প্ৰশংসাত পঞ্চমুখ হৈ টুইটযোগে শুভেচ্ছা জনালে অভিনেতাগৰাকীয়ে। সদায় সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় হৈ থকা ৭৭বছৰীয়া অভিনেতাগৰাকীয়ে যুটীয়াভাৱে লাভ কৰা বিজয়ৰ বাবে অভিনন্দন জনাই দলটোৰ প্ৰশংসা কৰে।

  • T 3645 - Chess Olympiad .. India joint champions with Russia .. !!!! CONGRATULATIONS INDIAN TEAM !! ... 🇮🇳🇮🇳🇮🇳 🇮🇳🇮🇳🇮🇳🇮🇳 .. JAI HIND ..
    भारत सदा विजयी हो

    — Amitabh Bachchan (@SrBachchan) August 31, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটত তেওঁ লিখিছে যে, 'দবা অলিম্পিয়াডত ৰাছিয়াৰ সৈতে ভাৰতৰ যুটীয়া বিজয়। অভিনন্দন ভাৰতীয় দল। জয় হিন্দ। ভাৰতৰ সদায় বিজয় হওক'। উল্লেখ্য যে, 'FIDE অনলাইন দবা অলিম্পিয়াডত ৰাছিয়াৰ সৈতে ভাৰতক যুটীয়া বিজয়ী ঘোষণা কৰাৰ পিছত দেওবাৰে অলিম্পিয়াডত ভাৰতে প্ৰথমটো স্বৰ্ণ পদক জয় কৰে। ইয়াৰ পূৰ্বে 'FIDE অনলাইন দবা অলিম্পিয়াডত ২০১৪চনত ভাৰতৰ ফলাফল আটাইতকৈ ভাল আছিল, যেতিয়া ভাৰতে ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.