স্পৰ্টছ ডেস্ক, 16 আগষ্ট : বিশ্বৰ শীৰ্ষ স্থানৰ মল্লযুঁজাৰু বজৰংগ পুনিয়াক প্ৰদান কৰা হ'ব দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন ৷ শুকুৰবাৰে এক নিৰ্বাচনী কমিটিয়ে এই সন্মানৰ বাবে পুনিয়াৰ নাম চূড়ান্ত কৰে ৷ এপ্ৰিলত এই সন্মানৰ বাবে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনে (WFI) তেওঁৰ নাম অনুমোদন জনাইছিল ৷
উল্লেখ্য যে, 2018 চনৰ জাকাৰ্টা এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত 65 কেজি শাখাত পুনিয়াই স্বৰ্ণ জয় কৰিছিল ৷ তাৰোপৰি, প্ৰথম ভাৰতীয় হিচাপে বিশ্ব ৰেংকিঙৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল পুনিয়াই ৷ 2015 বৰ্ষত অৰ্জুন সন্মান লাভ কৰিছিল খেলুৱৈ গৰাকীয়ে ৷
আনহাতে, অৰ্জুন আৰু দ্ৰুণাচাৰ্য বঁটাৰ বাবে শনিবাৰে এখন বৈঠক অনুষ্ঠিত হ'ব ৷ অৰ্জুন বঁটাৰ বাবে মল্লযুঁজাৰু ৰাহুল আৱাৰে, হৰপ্ৰীত সিং, দিব্যা কাকৰাণ আৰু পূজা ধান্দাৰ নাম মনোনীত কৰা হৈছে ৷ দ্ৰুণাচাৰ্য বঁটাৰ বাবে বিৰেন্দৰ কুমাৰ, সুজীত মান, নৰেন্দ্ৰ কুমাৰ আৰু বিক্ৰম কুমাৰৰ নাম মনোনীত কৰা হৈছে ৷
বজৰংগ পুনিয়ালৈ ৰাজীৱ গান্ধী খেল ৰত্ন সন্মান - বজৰংগ পুনিয়ালৈ ৰাজীৱ গান্ধী খেল ৰত্ন সন্মান
দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্নৰ বাবে নিৰ্বাচিত হৈছে বজৰংগ পুনিয়া ৷ শুকুৰবাৰে এক নিৰ্বাচনী কমিটিয়ে এই সন্মানৰ বাবে পুনিয়াৰ নাম চূড়ান্ত কৰে ৷
স্পৰ্টছ ডেস্ক, 16 আগষ্ট : বিশ্বৰ শীৰ্ষ স্থানৰ মল্লযুঁজাৰু বজৰংগ পুনিয়াক প্ৰদান কৰা হ'ব দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন ৷ শুকুৰবাৰে এক নিৰ্বাচনী কমিটিয়ে এই সন্মানৰ বাবে পুনিয়াৰ নাম চূড়ান্ত কৰে ৷ এপ্ৰিলত এই সন্মানৰ বাবে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনে (WFI) তেওঁৰ নাম অনুমোদন জনাইছিল ৷
উল্লেখ্য যে, 2018 চনৰ জাকাৰ্টা এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত 65 কেজি শাখাত পুনিয়াই স্বৰ্ণ জয় কৰিছিল ৷ তাৰোপৰি, প্ৰথম ভাৰতীয় হিচাপে বিশ্ব ৰেংকিঙৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল পুনিয়াই ৷ 2015 বৰ্ষত অৰ্জুন সন্মান লাভ কৰিছিল খেলুৱৈ গৰাকীয়ে ৷
আনহাতে, অৰ্জুন আৰু দ্ৰুণাচাৰ্য বঁটাৰ বাবে শনিবাৰে এখন বৈঠক অনুষ্ঠিত হ'ব ৷ অৰ্জুন বঁটাৰ বাবে মল্লযুঁজাৰু ৰাহুল আৱাৰে, হৰপ্ৰীত সিং, দিব্যা কাকৰাণ আৰু পূজা ধান্দাৰ নাম মনোনীত কৰা হৈছে ৷ দ্ৰুণাচাৰ্য বঁটাৰ বাবে বিৰেন্দৰ কুমাৰ, সুজীত মান, নৰেন্দ্ৰ কুমাৰ আৰু বিক্ৰম কুমাৰৰ নাম মনোনীত কৰা হৈছে ৷
বজৰংগ পুনিয়ালৈ ৰাজীৱ গান্ধী খেল ৰত্ন সন্মান