ETV Bharat / sports

লেতেৰা ৰাজনীতিয়ে IOA ক ক্ষতি কৰিছেঃ যাদৱ

author img

By

Published : Jun 22, 2020, 9:46 PM IST

Updated : Jun 22, 2020, 11:36 PM IST

ভাৰতীয় ভাৰোত্তলন ফেডাৰেচনৰ মহাসচিব জেনেৰল সহদেৱ যাদৱৰ ভাৰতীয় অলিম্পিক সন্থালৈ এক বিশেষ পত্ৰ । অলিম্পিক সন্থাৰ আনুষ্ঠানিক ৱেবচাইটৰ পৰা কাৰ্যকাৰী পৰিষদৰ সদস্য়, উপাধ্যক্ষ আৰু সহ সচিব নাম আঁতৰোৱাক লৈ আশ্চৰ্যকৰ প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱৰ ।

bad politics has made a huge loss of ioa says iwf
bad politics has made a huge loss of ioa says iwfbad politics has made a huge loss of ioa says iwf

স্পৰ্টছ ডেস্ক, 22 জুনঃ ভাৰতীয় অলিম্পিক সন্থাৰ ভিতৰত হৈ থকা অসৎ ৰাজনীতিক লৈ অসন্তুষ্ট ভাৰতীয় ভাৰোত্তলন ফেডাৰেচনৰ মহাসচিব জেনৰেল সহদেৱ যাদৱৰ । অলিম্পিক সন্থাৰ আনুষ্ঠানিক ৱেবচাইটৰ পৰা কাৰ্যকাৰী পৰিষদৰ সদস্য়, উপাধ্যক্ষ আৰু সহ সচিব নাম আঁতৰোৱা সন্দৰ্ভত আশ্বৰ্যকৰ ব্য়ক্ত কৰি ভাৰতীয় অলিম্পিক সন্থালৈ এক পত্ৰ প্ৰেৰণ কৰে যাদৱে ।

পত্ৰত উল্লেখ কৰা হৈছে, আজি মই ভাৰতীয় অলিম্পিক সন্থাৰ আনুষ্ঠানিক ৱেবচাইটত চাই আশ্বৰ্য অনুভৱ কৰিছো যে কাৰ্যকাৰী পৰিষদ, উপাধ্যক্ষ আৰু সহ-সচিবৰ সদস্য়ৰ নাম অকস্মাতে ৱেবচাইটৰ পৰা আঁতৰাই দিয়া হ'ল । লগতে কয়, IOA ৰ জেষ্ঠ আৰু অভিজ্ঞ সদস্য সকলক আঁতৰোৱা কাৰ্য পক্ষপাতমূলক, ভেদভাৱৰ লগতে অনুচিত । মই এই লোকজনক নিন্দা কৰিছো যিয়ে ইয়াৰ বাবে দায়ী ।

লেতেৰা ৰাজনীতিয়ে IOA ক লোকচান কৰিছে : যাদৱ

IOA ৰ পৰিয়াল কিছু লেতেৰা মগজুৰ লোকে লেতেৰা ৰাজনীতি কৰিবলৈ ষড়যন্ত্ৰ কৰি আছে বুলিও উল্লেখ কৰে যাদৱে ।

উল্লেখ্য যে, সন্থাত বৰ্তমান আভ্যন্তৰীণ কন্দল চলি আছে । অধ্যক্ষ আৰু উপাধ্যক্ষ সুধাংশু মিট্টলৰ মাজত মত-বিৰোধ দেখা পোৱা গৈছে ।

মিট্টলে দাবী কৰিছে যে, 2017 চনৰ ডিচেম্বৰ মাহত সন্থাৰ অধ্যক্ষ ৰূপে বাত্ৰাৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ নিয়মৰ উলংঘা হৈছিল । অৱশ্যে এই ধৰণৰ অভিযোগক খণ্ডন কৰিছে বাত্ৰাই । বাত্ৰা অধ্যক্ষৰ পদত অধিষ্ঠিত থকাটো অবৈধ আৰু তেওঁ সোনকালেই অপসাৰণ কৰিব লাগে বুলি কয় মিট্টলে ।

Last Updated : Jun 22, 2020, 11:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.