ETV Bharat / sports

টকিঅ' অলিম্পিকলৈ সাজু অষ্ট্ৰেলিয়াৰ ৪৭২ গৰাকী খেলুৱৈ - অষ্ট্ৰেলিয়া

২৩ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া টকিঅ' অলিম্পিকত অষ্ট্ৰেলিয়াৰ ৪৭২ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । অষ্ট্ৰেলিয়ান অলিম্পিক সমিতিয়ে সোমবাৰে প্ৰকাশ কৰা মতে, এই দলটোত আছে ২৫৪ গৰাকী মহিলা আৰু ২১৮ জন পুৰুষ খেলুৱৈ ।

Australia will send 472 athletes to Tokyo Olympics
টকিঅ' অলিম্পিকলৈ ৪৭২ জন খেলুৱৈ প্ৰেৰণ কৰিব অষ্ট্ৰেলিয়াই
author img

By

Published : Jul 5, 2021, 1:54 PM IST

স্প’ৰ্টছ ডেস্ক, ৫ জুলাই : অলিম্পিকলৈ দ্বিতীয় বৃহৎ খেলুৱৈৰ দল প্ৰেৰণ কৰিবলৈ সাজু অষ্ট্ৰেলিয়া । দেশখনৰ পৰা ৪৭২ জন খেলুৱৈয়ে অংশ ল'ব টকিঅ' অলিম্পিকত । অষ্ট্ৰেলিয়ান অলিম্পিক সমিতিয়ে সোমবাৰে এই কথা প্ৰকাশ কৰিছে । টকিঅ' অলিম্পিকত অষ্ট্ৰেলিয়াৰ ২৫৪ গৰাকী মহিলা আৰু ২১৮ জন পুৰুষ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ।

২৩ জুলাইৰ পৰা টকিঅ' অলিম্পিক অনুষ্ঠিত হ'ব । অলিম্পিকত অংশগ্ৰহণৰ বাবে প্ৰেৰণ কৰা অষ্ট্ৰেলিয়াৰ এয়া দ্বিতীয়টো বৃহৎ খেলুৱৈৰ দল । ইয়াৰ পূৰ্বে ২০০৪ চনত এথেন্সত অনুষ্ঠিত অলিম্পিকত দেশখনৰ ৪৮২ গৰাকী খেলুৱৈয়ে অংশ লৈছিল । এতিয়া পুনৰ ৪৭২ জন খেলুৱৈক অলিম্পিকৰ বাবে সাজু কৰি তোলা হৈছে ।

মহিলা টেনিছ খেলুৱৈ এছ বাৰ্টি অষ্ট্ৰেলিয়ান দলৰ ১৬ গৰাকী খিলঞ্জীয়া খেলুৱৈৰ ভিতৰত অন্যতম । অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলে ৩৩টা ক্ৰীড়াত অংশগ্ৰহণ কৰিব । এই ৩৩টা ক্ৰীড়াৰ ভিতৰত আছে চাৰিটা নতুন অলিম্পিক খেল কাৰাটে, স্কেটবৰ্ডিং, স্প’ৰ্ট ক্লইম্বিং আৰু চাৰ্ফিং ।

দৌৰ প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াৰ ৬৩ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । অলিম্পিকলৈ যাবলগীয়া দলটোৰ নেতৃত্ব দিয়া ইয়ান চেষ্টাৰমেনে কয় যে, নিৰ্বাচিত খেলুৱৈসকলে অলিম্পিকত অংশগ্ৰহণক লৈ অনিশ্চয়তাত ভূগি আছিল । কৰ'ণা মহামাৰীৰ বাবে খেল সম্পূৰ্ণ এবছৰৰ বাবে পিছুৱাই দিয়া হয় । ফলত যোগ্যতা অৰ্জনৰ ক্ষেত্ৰত সুযোগ হেৰুৱাব বুলি একাংশ খেলুৱৈ শংকিত হৈ পৰিছিল ।

এতিয়া নতুন উদ্যমেৰে অলিম্পিকত অংশ লোৱাৰ বাবে খেলুৱৈসকল সাজু হৈছে বুলি চেষ্টাৰমেনে জানিবলৈ দিয়ে । অষ্ট্ৰেলিয়াৰ খেলুৱৈৰ দলটোত মহিলা খেলুৱৈৰ হাৰ ৫৩.৫ শতাংশ থাকিব । ২০১৬ চনত ৰিঅ' ডি জেনেৰিঅ'ত অষ্ট্ৰেলিয়াৰ খেলুৱৈৰ দলত মহিলা খেলুৱৈৰ হাৰ ৫০.৯০ শতাংশ ।

উল্লেখ্য যে, বিগত বৰ্ষত মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে অলিম্পিক বাতিল কৰা হৈছিল । নিৰাশ হৈ পৰিছিল খেলুৱৈসকল । এতিয়া পুনৰ সাৱধনতা অৱলম্বন কৰি ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে অলিম্পিক অনুষ্ঠিত কৰা হৈছে । মুঠ ৩৩৯ টা বিভিন্ন ইভেণ্টত ৩৩ টা খেল অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: কাৰগাৰৰ ভিতৰত এটা টিভি লাগে সুশীল কুমাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.