ETV Bharat / sports

ৰাষ্ট্ৰীয় ক্ৰীড়াত অব্যাহত আছে অসমৰ খেলুৱৈৰ চমকপ্ৰদ সাফল্য

author img

By

Published : Oct 4, 2022, 7:39 PM IST

ৰাষ্ট্ৰীয় ক্ৰীড়াত দ্বিতীয়টো স্বৰ্ণ পদক অৰ্জন অম্লান বৰগোহাঁইৰ (Amlan Borgohain achieved gold)। ২০০ মিটাৰ দৌৰত স্বৰ্ণ জয় অসমৰ অম্লান বৰগোহাঁইৰ । তেওঁ এই দৌৰ ২০.৫৫ ছেকেণ্ডত সম্পূৰ্ণ কৰে । ধিং এক্সপ্ৰেছ হিমা দাসে ২০০ মিটাৰ দৌৰত লাভ কৰিলে ৰূপৰ পদক (Hima Das achieved Silver in National games)। তেওঁ এই দৌৰ সম্পূৰ্ণ কৰে ২৩.৬১ ছেকেণ্ডত ।

Assam players continue to achieve success in 36 th national games in Gujrat

গুৱাহাটী, 4 অক্টোবৰ: গুজৰাটত অনুষ্ঠিত হৈ থকা 36 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত পুনৰ অসম সন্তানৰ কৃতিত্ব (36 th national games in Gujrat) । দ্বিতীয়টো স্বৰ্ণ পদক অৰ্জন অম্লান বৰগোহাঁইৰ । ২০০ মিটাৰ দৌৰত স্বৰ্ণ জয় অসমৰ অম্লান বৰগোহাঁইৰ (Amlan Borgohain achieved gold)। তেওঁ এই দৌৰ ২০.৫৫ ছেকেণ্ডত সম্পূৰ্ণ কৰে । ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক প্ৰথমটো সোণৰ পদক দিছিল ভাৰতীয় এথলেটিকছৰ নৱাগত চাঞ্চল্য অম্লান বৰগোহাঁয়ে ।

গান্ধীনগৰৰ আই আই টি ক্রীড়া প্রকল্পত অনুষ্ঠিত হোৱা পুৰুষৰ ১০০ মিটাৰ দৌৰৰ ফাইনেলত অসম সন্তান অম্লানে ১০.৩৮ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণ অৰ্জন কৰিবলৈ সক্ষম হৈছিল । জীৱনৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্রীড়াতে সোণ অৰ্জন কৰি দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিগণিত হৈছে অম্লান । পুনৰ তেওঁ ২০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰিলে ।

আনহাতে, ধিং এক্সপ্ৰেছ হিমা দাসে ২০০ মিটাৰ দৌৰত লাভ কৰিলে ৰূপৰ পদক । তেওঁ এই দৌৰ ২৩.৬১ ছেকেণ্ডত সম্পূৰ্ণ কৰে (Hima Das achieved Silver in National games)। ইয়াৰ পূৰ্বে মহিলাৰ ১০০ মিটাৰ দৌৰৰ ফাইনেলত অসমৰ হিমা দাসেও অংশ লৈছিল যদিও পদক পাবলৈ সক্ষম নহ’ল । সপ্তম স্থানত থাকে ধিং এক্সপ্ৰেছ ।

অর্জুন বঁটাৰে সন্মানিত এছিয়ান গেমছৰ পদকজয়ী হিমাৰো এয়া আছিল কেৰিয়াৰৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্রীড়া । ইফালে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ জলক্ৰীড়াত অসমৰ আস্থা চৌধুৰীয়ে সোণ আৰু বিক্ৰম চাংমাইয়ে লাভ কৰিছে ৰূপৰ পদক । ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ক্ৰীড়াত লন বলত অসমে চমক সৃষ্টিৰে দুটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জ অৰ্জন কৰে ।

পুতুল সোণোৱাল, আনন্দ নাৰ্জাৰী আৰু মৃদুল বৰগোহাঁইৰ দ্বাৰা গঠিত অসমৰ তিনিজনীয়া পুৰুষ দলে ফাইনেলত পশ্চিম বংগক ২৫-৬ৰ ব্যৱধানত হেলাৰঙে পৰাস্ত কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । আনহাতে লন বলত অসমক দ্বিতীয়টো সোণ দিছিল পুৰুষৰ ডাবলছত মৃদুল বৰা আৰু ৰূপতু গগৈয়ে (National games news)।

আনহাতে অসমৰ তানিয়া চৌধুৰী, বনগীতা হাজৰিকা,অনন্যা শ‍ইকীয়া আৰু অদিনীতা কাকতীৰ দ্বাৰা গঠিত মহিলা দলটোৱে ফাইনেলত ঝাৰখণ্ডৰ মুখামুখি হয় যদিও ১১-২৩ৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

ইফালে লন বলৰ মহিলাৰ একক শাখাৰ খেলত কমনৱেল্থ গেমছৰ স্বৰ্ণজয় অসম কন্যা নয়নমণি শইকীয়াই ছেমি ফাইনেলত ঝাৰখণ্ডৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত ব্ৰঞ্জ পদক জয় কৰে । লন বলত অসমে আৰু পদক পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । ভাৰোত্তোলনত অসমৰ তাৰকা খেলুৱৈ পপী হাজৰিকাই ইতিমধ্যে লাভ কৰিছে ৰূপৰ পদক । পপীৰ লগতে অসমৰ ছজনীয়া দলে ৰাষ্ট্ৰীয় ক্রীড়াৰ ভাৰোত্তোলনত অংশ লৈছে ।

ইফালে অসমক ৰূপৰ পদক দিছে নৱাগত চাইক্লিষ্ট চয়নিকা গগৈয়ে । ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে চমকপ্ৰদ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে । আন বহুকেইটা ইভেণ্টত অসমে আৰু কেইবাটাও পদক লাভৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: এইবাৰৰ পদাৰ্থবিদ্যাৰ নোবেল বঁটা ৩ পদাৰ্থ বিজ্ঞানীলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.