ETV Bharat / sports

অলিম্পিকৰ পূৰ্বে টকিঅ'ত পুনৰ ক'ভিডৰ ভয়ংকৰ সংক্ৰমণ

author img

By

Published : Jul 8, 2021, 9:57 PM IST

অলিম্পিক আৰম্ভ হ'বলৈ মাত্ৰ দুসপ্তাহ বাকী থকা সময়তে পুনৰ টকিঅ'ত (Tokyo) ক'ভিডে ভয়ংকৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছে । ভাইৰাছ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ মন্ত্ৰীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগা ।

Tokyo cases highest since May
অলিম্পিকৰ পূৰ্বে টকিঅ'ত পুনৰ ক'ভিডৰ ভয়ংকৰ সংক্ৰমণ

স্পৰ্টছ ডেস্ক,৮ জুলাই : টকিঅ'ত অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ'ব বিশ্বৰ শীৰ্ষ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক । ইতিমধ্যে প্ৰায় প্ৰতিখন দেশৰ নিৰ্বাচিত খেলুৱৈসকল সাজু হৈছে এই প্ৰতিযোগিতাৰ বাবে । আয়োজক টকিঅ' সম্পূৰ্ণ সাজু হৈ উঠিছে । কিন্তু ইয়াৰ মাজতে এক উদ্বেগজনক খবৰ ।

অলিম্পিক আৰম্ভ হ'বলৈ মাত্ৰ দুসপ্তাহ বাকী থকা সময়তে পুনৰ টকিঅ'ত (Tokyo) ক'ভিডে ভয়ংকৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছে । যোৱা দুটা মাহৰ ভিতৰত আটাইতকৈ বেছি সংক্ৰমণ হৈছে টকিঅ'ত । টকিঅ'ত নতুনকৈ ৯২০ গৰাকী লোকৰ দেহত ধৰা পৰিছে ভাইৰাছৰ উপস্থিতি । লগে লগে শংকিত হৈ পৰিছে প্ৰশাসন তথা চৰকাৰ আৰু অলিম্পিক সন্থা (Olympic association) ।

অলিম্পিক আৰম্ভ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে জাপান চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সাজু হৈছে । ইতিমধ্যে জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাই (Yoshihide Suga) ভাইৰাছ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ মন্ত্ৰীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকৰো আয়োজন কৰিছে । প্ৰধানমন্ত্ৰী গৰাকীয়ে টকিঅ'ৰ শেহতীয়া পৰিস্থিতিকলৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱা মতে, এই বিষয়ে বৃহস্পতিবাৰে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ লোৱা হ'ব । তাৰ পিছত জৰুৰীকালীন অৱস্থাৰ বিষয়েও কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । ইফালে টকিঅ'ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ লগে লগে অলিম্পিকত বিভিন্ন ধৰণে প্ৰভাৱ পৰিব । খেলসমূহ আয়োজন কৰাৰ সময়ত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অলিম্পিক আয়োজক সমিতিয়ে ।

বিশেষকৈ স্থানীয় দৰ্শক বা অতি কম সংখ্য দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত কৰিব লাগিব প্ৰতিখন খেল । ইফালে দেশৰ এগৰাকী শীৰ্ষ চৰকাৰী চিকিৎসা উপদেষ্টা ডাঃ শিগেৰু অমীয়ে অলিম্পিক আৰু গ্ৰীষ্মকালীন বন্ধ আৰম্ভ হোৱাৰ পূৰ্বে শীঘ্ৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । তেওঁ ধাৰণা কৰা মতে জুলাইৰ পৰা চেপ্তেম্বৰ মাহলৈ জাপানত ক'ভিড পৰিস্থিতি অতি ভয়ংকৰ হ'ব পাৰে ।

ইফালে জাপানৰ মাত্ৰ ১৫ শতাংশ লোককহে প্ৰতিষেধক প্ৰদান কৰা হৈছে । এতিয়ালৈ জাপানত ৮ লাখ ১০ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰে ১৪ হাজাৰ ৯০০ গৰাকী লোকৰ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ।

লগতে পঢ়ক :স্পেইনৰ আশা ভংগ কৰি Euro cup ৰ ফাইনেলত ইটালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.