গুৱাহাটীঃ18 জানুৱাৰীঃ গুৱাহাটীত অনুষ্ঠিত খেল' ইণ্ডিয়াৰ নৱমটো দিনটো উজলিল আয়োজক ৰাজ্য অসম ৷ অন্য ৰাজ্যৰ লগতে অসমেও অব্যাহত ৰাখিছে জয়ৰ ধাৰা ৷ শনিবাৰে লনবল প্ৰতিযোগিতাত অসমে লাভ কৰে কেইবাটাও পদক ৷ ছোৱালীৰ ২১ অনুৰ্ধৰ শাখাত ৰূপৰ পদক অৰ্জন কৰে অসমৰ অনিন্দিতা কাকতিয়ে ৷ ছোৱালীৰ ফ'ৰ শাখাত অসম দলে লাভ কৰিবলৈ সক্ষম হয় সোণৰ পদক ৷ দলটোত আছিল সুমন কুমাৰী পাণ্ডে, সুৰঞ্জনা বৰুৱা, কৰিণা পাটোৱাৰী আৰু জিনু গগৈ ৷
আনহাতে, ল’ৰাৰ ডাবলছ শাখাত সঞ্জীয় পাণ্ডে আৰু অভিলাষ সন্দিকৈয়ে অৰ্জন কৰে স্বৰ্ণ পদক ৷ তাৰোপৰি ল’ৰাৰ ত্ৰিপল শাখাতো ব্ৰঞ্জৰ পদক লাভ কৰে অসম দলে ৷ অসমৰ দলটোৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল শিৱ মহন্ত, ৰক্তিম কাশ্যপ কলিতা আৰু সুৰজিৎ বঢ়গোহাই ৷ উল্লেখযোগ্য যে বিজয়ীসকলৰ মেডেল প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, চন্দন ব্ৰহ্ম, চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰী ৷