ETV Bharat / sports

মহিলা হকী : মালয়েছিয়াৰ বিৰুদ্ধে ড্ৰ' ভাৰতৰ - malaysia

পাঁচমেচৰ হকী শৃংখলাৰ তৃতীয়খন মেচত ড্ৰ' ভাৰতৰ । সোমবাৰে মালয়েছিয়াৰ বিৰুদ্ধে ৪-৪ গলত ড্ৰ' খেলিবলৈ সক্ষম হয় ভাৰতীয় মহিলা হকী দলটোৱে।

মহিলা হকী : মালয়েছিয়াৰ বিৰুদ্ধে ড্ৰ' ভাৰতৰ
author img

By

Published : Apr 9, 2019, 6:05 AM IST

স্পৰ্টছ ডেস্ক, ৯ এপ্ৰিল : কুৱালালামপুৰত অনুষ্ঠিত হোৱা পাঁচমেচৰ হকী শৃংখলাৰ তৃতীয়খন মেচত ড্ৰ' ভাৰতীয় মহিলা হকী দলৰ । সোমবাৰে অনুষ্ঠিত মেচখনত মালয়েছিয়াৰ বিৰুদ্ধে ৪-৪ গলত ড্ৰ' খেলিবলৈ সক্ষম হয় ভাৰতে । ইতিমধ্যে শৃংখলাত ২-০ অগ্ৰগতি লাভ কৰি আছে ভাৰতে ।

ETV BHARAT ASSAM
মহিলা হকী : মালয়েছিয়াৰ বিৰুদ্ধে ড্ৰ' ভাৰতৰ

এই মেচখনত ভাৰতৰ হৈ নৱনীত কৌৰে ২ টা আৰু নৱজৌত কৌৰ আৰু লালৰেমছিয়ামীয়ে ১-১ টা কৈ গল কৰিবলৈ সক্ষম হয় । ভাৰতৰ হৈ প্ৰথমটো গল ১৩ মিনিটত নৱজৌত কৌৰে কৰে । ইয়াৰে অলপ পিচত ২২ মিনিটত নৱনীত কৌৰ গল কৰি ভাৰতক ২-০ ৰ অগ্ৰগতি দিয়ে যদিও মালয়েছিয়াৰ গুৰদ্বীপ কিৰণদ্বীপে ২৬ মিনিটত গল কৰি ভাৰতৰ অগ্ৰগতি কিছু হ্ৰাস কৰে । ইয়াৰ পাচত মালয়েছিয়াই উন্নত খেলৰ প্ৰদৰ্শন কৰি ২৭, ৩৫ আৰু ৩৮ মিনিটত গল কৰি ৪-২ অগ্ৰগতি দিয়ে মালয়েছিয়াক । অৱশ্যে অন্তিম কোৱাৰ্টাৰত ভাৰতে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ৪৫ আৰু ৫৬ মিনিটত দুটাকৈ গল কৰি মালয়েছিয়াৰ জয় ৰুদ্ধ কৰিবলৈ সক্ষম হয় । পিচত মেচখন ৪-৪ গলেৰে অমীমাংসিত হৈ ৰয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.