স্পৰ্টছ ডেস্ক, 7 আগষ্ট : শুকুৰবাৰে ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্ৰীত সিং সহ চাৰিগৰাকী ভাৰতীয় হকী খেলুৱৈৰ দেহত ধৰা পৰে ক’ভিড ভাইৰাছৰ উপস্থিতি ৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ দ্বাৰা প্ৰকাশিত বিজ্ঞপ্তিত এই কথা উল্লেখ কৰা হয় ৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে শিবিৰত উপস্থিত হোৱা সকলো খেলুৱৈৰ ৰেপিড এণ্টিজেন টেষ্ট কৰোৱাত প্ৰথমে নিগেটিভ পোৱা গৈছিল যদিও মনপ্ৰীত আৰু সুৰেন্দ্ৰৰ দেহত দেখা পোৱা গৈছিল ক’ভিডৰ লক্ষণ ৷
যাৰ বাবে দুই খেলুৱৈৰ লগতে তেওঁলোকৰ সৈতে যাত্ৰা কৰা 10 গৰাকী খেলুৱৈৰ বৃহস্পতিবাৰে আৰটি-পিচিআৰ পৰীক্ষণ কৰা হয় ৷ য’ত মুঠ চাৰিগৰাকী খেলুৱৈৰ দেহত ধৰা পৰে ভাইৰাছৰ উপস্থিতি ৷ আনহাতে আন কেইবাটাও পৰীক্ষাৰ ফলাফল এতিয়াও আহিবলৈ বাকী ৷ স্বাস্থ্য বিভাগৰ নিয়মানুসৰি এতিয়া পজিটিভ প্ৰাপ্ত খেলুৱৈ সকলক কোৱাৰেণ্টাইনত ৰখা হৈছে ৷
আনহাতে ভাৰতীয় অধিনায়ক মনপ্ৰীত সিঙে কোৱাৰেণ্টাইন থকাৰ কথা উল্লেখ কৰি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ দ্বাৰা লোৱা তৎকালীন ব্যৱস্থাকলৈ সন্তুষ্টি প্ৰকাশ কৰে ৷