স্পৰ্টছ ডেস্ক, 12 জুনঃ মঙলবাৰে 21 বছৰ অনুৰ্ধ্ব আমন্ত্ৰণ টুৰ্ণামেণ্টত নেদাৰলেণ্ডৰ হাতত পৰাস্ত ভাৰতীয় জুনিয়ৰ হকী দল ৷ স্পেইনত আঠখন দেশৰ মাজত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা ৷ 3-2 গলত জয় লাভ কৰিবলৈ সক্ষম হয় নেদাৰলেণ্ড দলটোৱে ৷ নেদাৰলেণ্ড দলটোৱে মেচৰ আৰম্ভণিৰ পৰাই সুন্দৰ খেলৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল ৷
দলটোৱে প্ৰথম পাঁচমিনিটতেই প্ৰথমটো গ'ল কৰিবলৈ সক্ষম হয় ৷ দলটোৰ হৈ প্ৰথমটো গ'ল কৰে জিম ৱান ডে বেনে৷ দ্বিতীয় কোৱাৰ্টাৰত ভাৰতৰ হৈ বিষ্ণুকান্ত সিঙে গ’ল কৰি সমতা স্থাপন কৰে যদিও তিনি মিনিটৰ পাচতেই ৱান ডেয়ে পেনাল্টী কৰ্ণাৰক গ'লত পৰিণত কৰি 2-1 ৰ পুনৰ অগ্ৰগতি দিয়ে নেদাৰলেণ্ডক ৷ ইয়াৰ পাচত 32 মিনিটত আন এটা গ'ল কৰি 3-1ৰ অগ্ৰগতি লয় নেদাৰলেণ্ডে ৷ অৱশ্যে 37 মিনিটত ভাৰতৰ হৈ সুদীপে এটা গ'ল কৰিবলৈ সক্ষম হয় যদিও পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰে দলটোক ৷ বৃহস্পতিবাৰে স্পেইনৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰত ৷