স্পৰ্টছ ডেস্ক, 29 ছেপ্টেম্বৰঃ এণ্টৱেৰ্পত (Antwerp) অনুষ্ঠিত হোৱা বেলজিয়াম টুৰৰ (Belgium Tour) হকী চেম্পিয়নশ্বিপত অব্যাহত আছে ভাৰতীয় হকী দলৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ বিশ্ব ৰেকিঙৰ 8 সংখ্যক স্পেইনৰ বিৰুদ্ধে বৃহৎ জয় লাভ ভাৰতীয় পুৰুষ হকী দলৰ ৷ 5-1 গ’লত বিজয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে ৷ ভাৰতৰ হৈ হৰমনপ্ৰীত সিঙে সৰ্বাধিক দুটা গ’ল কৰাৰ বিপৰীতে আকাশদ্বীপ সিং, এছ.ভি. সুনীল আৰু ৰমনদ্বীপ সিঙে দিয়ে 1 টা কৈ গ’ল ৷ বেলজিয়ামৰ হৈ এক মাত্ৰ গ’লটো কৰে ইগলেছিয়াছ এলভাৰ’ই ৷
-
FT: 🇪🇸 1-5 🇮🇳 #TeamIndia successfully claimed their third victory in the #BelgiumTour by taking over Spain in tonight's game. #IndiaKaGame #ESPvIND pic.twitter.com/ClvQkivyBB
— Hockey India (@TheHockeyIndia) September 29, 2019 " class="align-text-top noRightClick twitterSection" data="
">FT: 🇪🇸 1-5 🇮🇳 #TeamIndia successfully claimed their third victory in the #BelgiumTour by taking over Spain in tonight's game. #IndiaKaGame #ESPvIND pic.twitter.com/ClvQkivyBB
— Hockey India (@TheHockeyIndia) September 29, 2019FT: 🇪🇸 1-5 🇮🇳 #TeamIndia successfully claimed their third victory in the #BelgiumTour by taking over Spain in tonight's game. #IndiaKaGame #ESPvIND pic.twitter.com/ClvQkivyBB
— Hockey India (@TheHockeyIndia) September 29, 2019
প্ৰতিযোগিতাখনত ভাৰতৰ এইটো আছিল তৃতীয়টো জয় লাভ ৷ 26 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰলৈ চলা এই প্ৰতিযোগিতাত বেলজিয়াম আৰু স্পেইনৰ বিৰুদ্ধে ত্ৰি-পাক্ষিক মেচত অৱতীৰ্ণ হৈছে ভাৰত ৷