ETV Bharat / sports

শুভ জন্মদিন সুনীল ছেত্ৰী

author img

By

Published : Aug 3, 2021, 8:13 AM IST

37 বছৰত ভৰি দিলে ভাৰতীয় পুৰষ ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীয়ে ৷ 1984 চনৰ আজিৰ দিনটোতে তেলেংগানাৰ ছেকেন্দ্ৰাবাদত জন্মগ্ৰহণ কৰিছিল ছেত্ৰীয়ে ৷

today is Indian Men Football Team's Captain Sunil Chetri's birthday
শুভ জন্মদিন সুনীল ছেত্ৰী

নিউজ ডেস্ক, 3 আগষ্ট : আজি ভাৰতীয় পুৰুষ ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীৰ (Sunil Chetri) জন্মদিন ৷ 1984 চনৰ 3 আগষ্টত তেতিয়াৰ অন্ধ্ৰ প্ৰদেশ আৰু বৰ্তমানৰ তেলেংগানাৰ ছেকেন্দ্ৰাবাদত জন্মগ্ৰহণ কৰিছিল ভাৰতৰ অন্যতম জনপ্ৰিয় ফুটবলাৰ গৰাকীয়ে ৷ শেহতীয়াকৈ লিঅ’নেল মেছীক পিছ পেলাই আন্তঃৰাষ্ট্ৰীয় সক্ৰিয় ফুটবল খেলুৱৈসকলৰ ভিতৰত সৰ্বাধিক সংখ্যক গ’ল প্ৰদান কৰা খেলুৱৈ তালিকাৰ দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ছেত্ৰীয়ে ৷

বাংলাদেশৰ বিপৰীতে অনুষ্ঠিত 2022 চনৰ ফিফা বিশ্ব কাপ আৰু 2023 AFCৰ এছিয়ান কাপৰ (AFC Asian Cup) যুটীয়া কোৱালিফায়িং খেলখনত গ’ল প্ৰদানেৰে ছেত্ৰীয়ে এই খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ সুনীল ছেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় গ’লৰ সংখ্যা 74 ৷

ছুনীল ছেত্ৰীৰ পিতৃয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ হৈ খেলিছিল ৷ ইয়াৰ উপৰিও তেওঁৰ দুগৰাকী যমজ ভগ্নী আছে ৷ তেওঁলোক দুয়ো নেপালৰ মহিলা ফুটবল দলৰ সদস্য ৷ সুনীল ছেত্ৰীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল 2002 চনত মোহন বাগানৰ সৈতে ৷

সুনীল ছেত্ৰীয়ে ভাৰতীয় 20 বছৰৰ অনুৰ্ধৰ (U20) ফুটবল দলটোৰ হৈয়ো খেল প্ৰদৰ্শন কৰিছিল ৷ ছেত্ৰীয়ে ভাৰতক 2007, 2009, 2012 চনত নেহৰু কাপ (Nehru Cup) দখলত সহায় কৰিছিল ৷ ইয়াৰ উপৰিও 2011 চনত SAFF Championshipৰ খিতাপ দখল কৰাতো মুখ্য ভূমিকা আছিল ফুটবলাৰগৰাকীৰ ৷

2018 চনত তেওঁৰ 34 সংখ্যক জন্ম দিনত AFCয়ে তেওঁক ‘এছিয়ান আইকন’ 'Asian Icon' উপাধিৰে বিভূষিত কৰে ৷

লগতে পঢ়ক-ভাৰতীয় ফুটবল দলত 15 বছৰ সম্পূৰ্ণ সুনীল চেত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.