নিউজ ডেস্ক, ১৪ এপ্ৰিল: শনিবাৰে চেন্নাইয়ান এফচিৰ বিৰুদ্ধে অনুষ্ঠিত ছুপাৰ কাপ ফাইনেলত এফচি গোৱাই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল মেচখনত গোৱা দলে ২-১ ৰ ব্যৱধানত চেন্নাই দলটোক পৰাস্ত কৰিবলৈ সক্ষম হয় ।
প্ৰথম ৬০ মিনিট গ'লশূন্য ভাৱে সমাপ্ত হোৱাৰ পাছত অৱশিষ্ট সময়খিনি দুয়ো দলৰ বাবে তীব্ৰ প্ৰতিদ্বন্দীতামূলক হয় । গোৱাৰ হৈ প্ৰথমটো গ'ল ৫১ মিনিটত ফেৰাণ কৰ'মিনাছে কৰাৰ পাছত চেন্নাইৰ হৈ ৫৪ মিনিটত ৰাফাল আগষ্টোয়ে গ'ল কৰি সমতা স্থাপন কৰে । কিন্তু ৬৪ মিনিটত ব্ৰেণ্ডন ফাৰ্নাণ্ডেজে গোৱাৰ হৈ গ'ল কৰি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় । এই জয়েৰে গোৱা দলে প্ৰথমবাৰৰ বাবে ছুপাৰ কাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ।