ETV Bharat / sports

সজাগতা আৰু শিক্ষাৰ দ্বাৰা সমাজত বৰ্ণবাদ হ্ৰাস কৰাত সহায়ক হ'ব : সুনীল চেত্ৰী

author img

By

Published : Jun 12, 2020, 3:12 PM IST

আমেৰিকাত জৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগবৰণ লোকক হত্য়া কৰাৰ পাচতেই সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি হৈছে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে । ঠাইয়ে ঠাইয়ে আৰম্ভ হৈছে "Black Lives Matter" অভিযান । বাদ পৰি ৰোৱা নাই ক্ৰীড়াজগতো । শেহতীয়াকৈ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে ।

Sunil Chhetri feels awareness, education can help lessen racism in society

স্পৰ্টছ ডেস্ক, 12 জুনঃ ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ যথেষ্ট চৰ্চা লাভ কৰিছে বৰ্ণ বৈষম্য়ৰ বিষয়টোৱে । ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ডেৰেণ ছেমীয়ে তেওঁৰ লগত আইপিএলত বৰ্ণ বৈষম্য় হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ পাচতেই ক্ৰীড়া জগততো অধিক চৰ্চা লাভ কৰিছে এই বিষয়টোৱে ।

সজাগতা আৰু শিক্ষাৰ দ্বাৰা সমাজত বৰ্ণবাদ হ্ৰাস কৰাত সহায়ক হ'ব : সুনীল চেত্ৰী
সজাগতা আৰু শিক্ষাৰ দ্বাৰা সমাজত বৰ্ণবাদ হ্ৰাস কৰাত সহায়ক হ'ব : সুনীল চেত্ৰী

এই বিষয়ে বৃহস্পতিবাৰে এক মন্তব্য় প্ৰকাশ কৰিছে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে । শিক্ষা,সজাগতা বৃদ্ধিৰ দ্বাৰা সমাজৰ পৰা বৰ্ণ বৈষম্যক হ্ৰাস কৰাত কিছু সহায়ক হ'ব বুলি বিশ্বাসী খেলুৱৈগৰাকী ।

ভাৰতীয় ফুটবল দলৰ আনুষ্ঠানিক ফেচবুক পেজত লাইভ চেটৰ সময়ত খেলুৱৈগৰাকীয়ে কয়,এইটোৱে মোক আঘাত কৰে যেনেকৈ ই আনকো আঘাত কৰে । এইয়া বেয়া কথা । কিন্তু অধিক সময় আমাৰ অজ্ঞানতা আৰু নজনাৰ বাবেই সংঘটিত হৈ আহিছে । যদি আপুনি কাৰোৱাক লগ কৰে যি বৰ্ণবৈষম্য়ৰ সন্মুখীন হৈছে তেওঁৰ লগত কথা পাতক আৰু তেওঁ বুজাওক । বেছিভাগ সময় তেওঁলোকে বুজি উঠে বুলি কয় খেলুৱৈগৰাকীয়ে । সমাজত সজাগতা বৃদ্ধি আৰু শিক্ষাৰ দ্বাৰা এই বৰ্ণ বৈষম্যক হ্ৰাস কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে খেলুৱৈগৰাকীয়ে ।

আমেৰিকাত জৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগবৰণ লোকক হত্য়া কৰাৰ পাচতেই সমগ্ৰ বিশ্বত আলোড়নৰ সৃষ্টি হৈছে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে । ঠাইয়ে ঠাইয়ে আৰম্ভ হৈছে Black Lives Matter অভিযান ।

লগতে চাওকঃ মিছামাৰীত বন বিষয়াৰ তৎপৰতাত সুস্থ হৈ উঠিল এজনী হাতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.