স্পৰ্টছ ডেস্ক, 2 ছেপ্তেম্বৰ : নেইমাৰৰ অনুৰাগীৰ বাবে দুঃখবৰ ৷ কৰ’ণা ভাইৰাছত আক্ৰান্ত ব্ৰাজিলিয়ান তাৰকা ফুটবলাৰ নেইমাৰ ৷ ফ্ৰান্সৰ ফুটবল ক্লাৱ পি এছ জীয়ে বুধবাৰে উল্লেখ কৰে যে, পিএছজীৰ তিনিগৰাকী খেলুৱৈৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ অৱশ্যে তিনি খেলুৱৈৰ নাম প্ৰকাশ কৰা নাই পেৰিছ ছেণ্ট জাৰ্মেন ক্লাৱটোৱে ৷ কিন্তু প্ৰাপ্ত তথ্য অনুসৰি এই তিনি খেলুৱৈৰ ভিতৰত আছে তাৰকা ফুটবলাৰ নেইমাৰৰ নাম ৷
বিগত মাহত চেম্পিনয়ছ লীগৰ ফাইনেলত বেয়াৰ্ন মিউনিখৰ হাতত পৰাস্ত হৈছিল পিএছজী দলটো ৷ ইয়াৰ পাচতেই দলটোৱে পুনৰ 10 ছেপ্তেম্বৰৰ পৰা ফ্ৰেন্স লীগত নিজৰ অভিযান আৰম্ভ কৰাৰ কথা আছিল ৷
চেম্পিয়নছ লীগৰ ফাইনেলত বেয়াৰ্ন মিউনিখৰ হাতত পৰাজয়বৰণ কৰাৰ পাচতেই পিএছজী দলটোৰ কিছু সংখ্যক খেলুৱৈ ফুৰিবলৈ ওলাই গৈছিল ৷ খবৰ অনুসৰি পজিটিভ খেলুৱৈৰ ভিতৰত নাম সাঙুৰ খাইছে নেইমাৰ, এঞ্জেল ডি মাৰিয়া আৰু লিএণ্ড্ৰ’ পেৰেডেছৰ ৷ বৰ্তমানে ক্লাৱৰ তৰফৰ পৰা অন্যান্য খেলুৱৈ আৰু ক্লাৱৰ সকলো ষ্টাফ সদস্যৰো আগন্তুক দিনত ক’ভিড পৰীক্ষণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷
লগতে চাওক-'FIDE অনলাইন দবা অলিম্পিয়াড' বিজয়ী ভাৰতীয় দলক অভিনন্দন 'বিগ বি'ৰ