ETV Bharat / sports

তিনিটাকৈ স্থানত কাটাৰে আয়োজন কৰিব ফিফা ক্লাৱ বিশ্বকাপ, 2020

2021 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা কাটাৰে আয়োজন কৰিব ফিফা ক্লাৱ বিশ্বকাপ, 2020 ৷ আহমেদ বিন আলি, খলিফা ইন্টাৰনেশ্যনেল আৰু এডুকেচন চিটীত আয়োজন কৰা হ'ব টুৰ্ণামেন্টৰ সকলো মেচ ৷

author img

By

Published : Dec 23, 2020, 10:49 PM IST

ফিফা ক্লাৱ বিশ্বকাপ, 2020
ফিফা ক্লাৱ বিশ্বকাপ, 2020

স্পৰ্টছ ডেস্ক, 23 ডিচেম্বৰ : 2021 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা কাটাৰে আয়োজন কৰিব ফিফা ক্লাৱ বিশ্বকাপ, 2020 ৷ উল্লেখ্য যে, ক'ভিড-19 ৰ বাবে 2020 চনতে অনুষ্ঠিত হ'বলগা এই টুৰ্ণামেন্ট 2021 চনলৈ স্থানান্তৰিত কৰা হয় ৷ ছয়খনকৈ কন্টিনেন্টেল কনফেডাৰেছন আৰু আয়োজক দেশৰ লীগ চেম্পিয়নে এই টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিব ৷

ফিফা ক্লাৱ বিশ্বকাপ, 2020
কাটাৰ

তিনি ফিফা বিশ্বকাপ কাটাৰ 2022 ষ্টেডিয়াম- আহমেদ বিন আলি, খলিফা ইন্টাৰনেশ্যনেল আৰু এডুকেচন চিটীত আয়োজন কৰা হ'ব টুৰ্ণামেন্টৰ সকলো মেচ ৷ 18 ডিচেম্বৰত উদ্বোধন কৰা হৈছে আহমেদ বিন আলি ষ্টেডিয়াম ৷ এই ষ্টেডিয়ামতে 1 ফেব্ৰুৱাৰীৰ দিনা আয়োজন কৰা হ'ব কাটাৰী চেম্পিয়নছ অল ডুহাইল আৰু অকলেণ্ড চিটী অৱ নিউজিলেণ্ডৰ মাজত উদ্বোধনী মেচ ৷ আনহাতে, 11 ফেব্ৰুৱাৰীৰ দিনা অনুষ্ঠিত হ'বলগা চূড়ান্ত মেচৰ আয়োজন কৰা হ'ব এডুকেচন চিটীত ৷

ফিফা ক্লাৱ বিশ্বকাপ, 2020
কাটাৰ

ফিফা বিশ্বকাপৰ ফাইনেল আয়োজন কৰিবলৈ প্ৰায় দুটা বছৰ বাকী থকাৰ সময়তে উদ্বোধন কৰা আহমেদ বিন আলি ষ্টেডিয়ামৰ দৰ্শকৰ বাবে আছে 40,000 আসন ৷ সেই স্থানতে থকা এটা পুৰণি ষ্টেডিয়ামৰ ভগ্নাৱশেষৰ সামগ্ৰী পুনৰ ব্যৱহাৰৰ উপযোগী কৰি এই ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে ৷

'ডায়মণ্ড ইন দা ডিজাৰ্ট' হিচাপেও পৰিচিত এডুকেচন চিটী ষ্টেডিয়াম ইছলামিক স্থাপত্যৰ চহকী ইতিহাসৰ পৰা অনুপ্ৰেৰণা লাভ কৰি নিৰ্মাণ কৰা হৈছে ৷ লগতে ইয়াত আধুনিকতাক মিশ্ৰণ ঘটোৱা হৈছে ৷

ফিফা ক্লাৱ বিশ্বকাপ কাটাৰ, 2020 আয়োজন কৰিবলগা তৃতীয়খন ষ্টেডিয়াম হৈছে খলিফা ইন্টাৰনেশ্যনেল ষ্টেডিয়াম ৷ এই ষ্টেডিয়ামত আছে 45,000 অধিক দৰ্শকৰ বাবে আসন ৷

লগতে পঢ়ক : টি-20 ৰেংকিং: তৃতীয় স্থান অক্ষুণ্ণ ৰাহুলৰ, সপ্তমলৈ উন্নীত কোহলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.