স্পৰ্টছ ডেস্ক, 1 জুলাই : ব্ৰুনু ফাৰ্ণাণ্ডেজৰ দুটাকৈ গ'লৰ জৰিয়তে মানচেষ্টাৰ ইউনাইটেডে ব্ৰাইটনক 3-0 ব্যৱধানত পৰাস্ত কৰে ৷ জানুৱাৰী মাহত মানচেষ্টাৰ ইউনাইটেড দলৰ সৈতে চুক্তি স্বাক্ষৰ কৰা 25 বৰ্ষীয় ফাৰ্ণাণ্ডেজে কৰ'ণা মহামাৰী পাচত আৰম্ভ হোৱা প্ৰীমিয়াৰ লীগৰ তিনিখন মেচৰ দুখনতে গ'ল কৰিবলৈ সক্ষম হৈছে ৷
মেচৰ 16 মিনিটত মেছন গ্ৰীনওদে মানচেষ্টাৰ ইউনাইটেডৰ হৈ প্ৰথমটো গ'ল কৰে ৷ ইয়াৰ পাচতে ফাৰ্ণাণ্ডেজে 29 মিনিটত এটা ফ্ৰী কিক গ'ললৈ ৰূপান্তৰিত কৰি দলক 2-0 ৰ অগ্ৰগতি প্ৰদান কৰে ৷ এই গ'লটোক লৈ ব্ৰাইটনৰ খেলুৱৈয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল যদিও অৱশেষত সেয়া গ'ল হিচাপে ৰেফাৰীয়ে ঘোষণা কৰে ৷
-
Three more points in the bag — we move 😎#MUFC #BHAMUN pic.twitter.com/zJDDqL99pX
— Manchester United (@ManUtd) June 30, 2020 " class="align-text-top noRightClick twitterSection" data="
">Three more points in the bag — we move 😎#MUFC #BHAMUN pic.twitter.com/zJDDqL99pX
— Manchester United (@ManUtd) June 30, 2020Three more points in the bag — we move 😎#MUFC #BHAMUN pic.twitter.com/zJDDqL99pX
— Manchester United (@ManUtd) June 30, 2020
ইয়াৰ পাচত মেচৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম পাঁচ মিনিটতে ফাৰ্ণাণ্ডেজে গ'ল কৰে ৷ এই জয়ৰ পাচতে মানচেষ্টাৰ ইউনাইটেড তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হৈছে ৷ Court of Arbitration for Sport য়ে মানচেষ্টাৰ চিটীৰ দুটা ছিজনৰ নিষিদ্ধকৰণ বাহাল ৰাখিলে ইউনাইটেডে চেম্পিয়নছ লীগত কোৱালিফাই কৰিবলৈ সক্ষম হ'ব ৷
লগতে পঢ়ক : এই পৰ্যন্ত কাজিৰঙাত বানত মৃত্যু ১৪ টা বন্য জীৱৰ