ETV Bharat / sports

ওমানৰ হাতত পৰাস্ত ভাৰত

ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ পঞ্চমখন মেচত পৰাস্ত ভাৰত ৷ ওমানৰ হাতত দ্বিতীয়বাৰৰ বাবে ফিফা বিশ্বকাপ কোৱালিফায়াৰ মেচত ধৰাশায়ী ভাৰত ৷

author img

By

Published : Nov 19, 2019, 11:41 PM IST

ওমানৰ হাতত পৰাস্ত ভাৰত

স্পৰ্টছ ডেস্ক, 19 নৱেম্বৰ: মঙলবাৰে মুছকাটত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ পঞ্চমখন কোৱালিফায়াৰ মেচত পৰাস্ত ভাৰত ৷ ওমানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত 1-0 গ’লত ধৰাশায়ী হয় ভাৰতীয় ফুটবল দলটো ৷ ইয়াৰ লগে-লগে ভাৰতৰ 2022 বিশ্বকাপত অংশগ্ৰহণ কৰাৰ বাট ৰুদ্ধ হোৱাৰ দিশে অগ্ৰসৰ ৷

ওমানৰ বিৰুদ্ধে ভাৰতীয় ফুটবল দল
ওমানৰ বিৰুদ্ধে ভাৰতীয় ফুটবল দল

ওমানৰ হৈ 33 মিনিটত মুহছেন অল ঘাছছানিয়ে কৰা গ’লেই নিৰ্ণায়ক গ’ল ৰূপে পৰিণত হয় মেচখনত ৷ উল্লেখ্য যে, ওমানৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত হোৱা মেচখনতো পৰাজয়বৰণ কৰিছিল ভাৰতে ৷ ভাৰতৰ পৰৱৰ্তী মেচসমূহ হৈছে কাটাৰ বনাম ভাৰত (26 মাৰ্চ), বাংলাদেশ বনাম ভাৰত (4 জুন) আৰু ভাৰত বনাম আফগানিস্তান (জুন 9)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.