স্পৰ্টছ ডেস্ক, ৪ এপ্ৰিলঃ ব্ৰাজিলীয়ান ফুটবলাৰ নেইমাৰৰ মহানুভৱতা । কৰ'ণা ভাইৰাছ অথবা কোভিড-১৯ৰ বিৰুদ্ধে ব্ৰাজিলত যুঁজিবলৈ ৭.৫ কোটি টকা আৰ্থিক সাহাৰ্য প্ৰদান খেলুৱৈগৰাকীৰ । এই বৃহৎ পৰিমাণৰ ধনৰাশী UNICEF সংস্থাটোলৈ আগবঢ়াই ষ্ট্ৰাইকাৰজনে । উল্লেখ্য যে, বিশ্ব ফুটবল জগতৰ আটাইতকৈ বেছি ধনৰাশী লোৱা বা চাৰ্জ কৰা তৃতীয়গাৰকী খেলুৱৈ হৈছে নেইমাৰ ।
আনহাতে খেলুৱৈগৰাকীয়ে এই ধনৰাশী প্ৰদানৰ পাচত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ পৰাও বিৰত থাকে । খেলুৱৈগৰাকীয়ে কয়, সাহাৰ্য পূঁজিলৈ আগবঢ়োৱা ধনৰাশীক লৈ মই কেতিয়াও মন্তব্য নকৰো ।
নেইমাৰৰ পূৰ্বে PSG ৰ সতীৰ্থ দলীয় খেলুৱৈ কাইলিয়ান এমবাপ্পেও যোৱা মাহত আৰ্থিক সাহাৰ্য প্ৰদান কৰিছিল । অৱশ্যে কিমান ধনৰাশী প্ৰদান কৰিছিল সেইয়া গোপনীয় ৰখা হৈছিল ।