স্পৰ্টছ ডেস্ক,25 আগষ্টঃ আকৌ আহি আছে আই এছ এল ৷ 20 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আই এছ এলৰ 2019-20 বৰ্ষৰ খেল সমূহ ৷ উদ্বোধনী মেচত মুখামুখি হ'ব কেৰেলা ব্লাষ্টাৰ্ছ আৰু এটলেটিক দি কলকাতা ৷ ডিফেণ্ডিং চেম্পিয়ন বাংগালুৰু এফ চি ৰ বিৰুদ্ধে 21 অক্টোবৰৰ পৰা অভিযান আৰম্ভ কৰিব নৰ্থ ইষ্ট ইউনাইটেড দলে ৷
ইতিমধ্যে,নৰ্থ ইষ্ট দলে আৰম্ভ কৰিছে নতুন খেলুৱৈৰ স্বাক্ষৰ অভিযান ৷ আৰ্জেন্টিনাৰ 34 বছৰীয়া ষ্ট্ৰাইকাৰ মেক্সিমিলিয়ান বেৰিৰিঅক এইবাৰ দেখা যাব নৰ্থ ইষ্ট ইউনাইটেডত ৷ আৰ্জেন্টিনাৰ কেইবাটাও আগশাৰীৰ ফুটবল ক্লাৱৰ হৈ উন্নত প্ৰদৰ্শন দাঙি ধৰিছে খেলুৱৈ গৰাকীয়ে ৷ শেহতীয়াকৈ,ইকুৱেডৰত এচ.ডি.অৱকাচ দলৰ হৈ 17 খন খেলত 5 টা গ'ল আৰু 3 টাকৈ এচিষ্ট কৰিছে বেৰিৰিঅই ৷ আই এছ এলত এতিয়া বেৰিৰিঅৰ দুভৰিৰ যাদু চাবলৈ আগ্ৰহেৰে ৰৈ আছে ফুটবল প্ৰেমী সকল ৷